দিল্লী,5 জুলাইঃ আজি সংসদত পূৰ্ণাংগ বাজেট দাখিল কৰে মোডী চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ৷ বাজেট দাখিল কৰাৰ পিচতে সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত মোডীয়ে সীতাৰমণৰ বাজেটক সমৰ্থন কৰে ৷
এই বাজেটে দেশৰ কৃষিখণ্ডৰ দিশ নিৰ্ণায়ক কৰিব বুলি উল্লেখ কৰাৰ লগতে এই বাজেটে দেশ উন্নয়ণ সাধন কৰিব বুলি উল্লেখ কৰে মোডীয়ে ৷
উল্লেখ্য যে,স্বাধীন ভাৰতৰ দ্বিতীয়গৰাকী মহিলা বিত্তমন্ত্ৰী হিচাপে শুকুৰবাৰে দাখিল কৰা হয় এই বাজেট ৷ বাজেটত কৃষি,বাণিজ্যৰ লগতে ক্ষুদ্ৰ ব্যৱসায়ীসকললৈ ন ন আঁচনিৰ প্ৰস্তাৱ উত্থাপন হৈছে ৷