ETV Bharat / bharat

নেতাজীৰ জন্মদিনক 'পৰাক্ৰম দিৱস' হিচাপে পালন কৰা হ'ব : চৰকাৰ

নেতাজীৰ জন্মদিনক 'পৰাক্ৰম দিৱস' হিচাপে পালন কৰা হ'ব ৷ এই ঘোষণা দেশৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ ৷

author img

By

Published : Jan 19, 2021, 12:45 PM IST

নেতাজী সুভাষ চন্দ্ৰ বোস
নেতাজী সুভাষ চন্দ্ৰ বোস

নেশ্যনেল ডেস্ক,19 জানুৱাৰী : মঙলবাৰে দেশৰ সাংস্কৃতিক মন্ত্ৰণালয়ে ঘোষণা কৰে যে, নেতাজী সুভাষ চন্দ্ৰ বোসৰ জন্মদিন অৰ্থাৎ 23 জানুৱাৰীৰ দিনটো প্ৰতি বছৰে চৰকাৰে 'পৰাক্ৰম দিৱস' হিচাপে পালন কৰা হ'ব ৷

মন্ত্ৰণালয়ে এখন গেজেটক কয়, "দেশৰ বাবে নেতাজীৰ নিঃস্বাৰ্থ সেৱাক স্মৰণ কৰাৰ উদ্দেশ্যে তেওঁৰ জন্মদিনটো প্ৰতি বছৰে পৰাক্ৰম দিৱস হিচাপে পালন কৰা হ'ব ৷ ইয়াৰ জৰিয়তে দেশৰ যুৱচামৰ মাজত দেশভক্তিৰ ভাৱ সৃষ্টি কৰাৰ প্ৰয়াস কৰা হ'ব ৷"

গেজেটখনে কয় যে, দেশৰ জনসাধাৰণে সুভাষ চন্দ্ৰ বোসৰ অতুলনীয় অৰিহনাক তেওঁৰ 125 সংখ্যক জন্ম বাৰ্ষিকীত স্মৰণ কৰিব ৷

উল্লেখ্য যে, এই বৰ্ষৰ অন্তিম ভাগত অনুষ্ঠিত হ'বলগা পশ্চিম বংগৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই ঘোষণাই বিশেষ তাৎপৰ্য বহন কৰিছে ৷

লগতে পঢ়ক : বিশ্ব ভাৰতীয়ে উত্থাপন কৰা অভিযোগ খণ্ডনৰ দাবী অৰ্মত্য সেনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.