ETV Bharat / bharat

অৰ্থনীতি,COVID-19 প্ৰতিৰোধৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব : প্ৰধানমন্ত্ৰী - অৰ্থনীতি,COVID-19 প্ৰতিৰোধৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব : প্ৰধানমন্ত্ৰী

ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীৰে প্ৰধানমন্ত্ৰী মোডীৰ ভিডিঅ' কনফাৰেন্সিং ৷ অৰ্থনীতিৰ লগতে কৰ'ণা ভাইৰাছ প্ৰতিহত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীসকলক ৷

ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীৰে ভিডিঅ' কনফাৰেন্সিং
প্ৰধানমন্ত্ৰী মোডী
author img

By

Published : Apr 27, 2020, 6:56 PM IST

নেশ্য়নেল ডেস্ক, 27 এপ্ৰিল : ৰাষ্ট্ৰজোৰা লক ডাউনৰ অন্ত পৰিবলৈ মাজত মাথো কেইটামান দিন থকাৰ সময়তে সোমবাৰে প্ৰধানমন্ত্ৰী মোডীয়ে ৰাজ্যসমূহৰ মুখ্য় মন্ত্ৰীসকললৈ এক বাৰ্তা প্ৰেৰণ কৰিছে ৷ এই সময়ছোৱাত অৰ্থনীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে কৰ'ণা ভাইৰাছ প্ৰতিহত কৰিবলৈ যুঁজ অব্যাহত ৰাখিব লাগিব বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোডীয়ে ৷

23 মাৰ্চৰ পৰা মুখ্য়মন্ত্ৰীসকলৰ সৈতে চতুৰ্থবাৰৰ বাবে ভিডিঅ' কনফাৰেন্সিঙত অংশগ্ৰহণ কৰি মোডীয়ে সকলো মুখ্যমন্ত্ৰীকে নিজ নিজ ৰাজ্যৰ কৰ'ণা ভাইৰাছ হটস্পট এলেকাসমূহত কঠোৰ নিৰ্দেশাৱলী জাৰি কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে ৷ প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে,লক ডাউনে দেশত যোগাত্মক ফলাফল প্ৰদান কৰিছে আৰু যোৱা ডেৰ মাহত লক ডাউনৰ ফলত হাজাৰ লোকৰ প্ৰাণ ৰক্ষা পৰিছে ৷

"বৰ্তমানলৈকে দেশে দুটাকৈ লক ডাউন পালন কৰিলে ৷ এতিয়া আমি ইয়াৰ উৰ্ধত চিন্তা কৰিব লাগিব ৷ বিশেষজ্ঞসকলৰ মতে,কৰ'ণা ভাইৰাছ অহা কিছু মাহলৈকে পৰিস্ফুত হৈ থাকিব" - মোডীয়ে কয় ৷

তেওঁ লগতে কয় যে,অহা কিছু সময়ৰ বাবে মাস্ক মানুহৰ জীৱনৰ অংশ হৈ পৰিব ৷ বৰ্তমানৰ সংকটময় পৰিস্থিতিত সকলোৱে খৰটকীয়াকৈ ব্যৱস্থা গ্ৰহণৰ বাবে সাজু থকা উচিত ৷ এই বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ,হৰ্ষ বৰ্ধন আৰু প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ উচ্চপদস্থ বিষয়-ববীয়াসকলো উপস্থিত আছিল ৷ এই বৈঠকত উপস্থিত থকা মুখ্যমন্ত্ৰীসকল হৈছে অৰবিন্দ কেজৰিবাল (দিল্লী), উদ্ধৱ থাকৰে (মহাৰাষ্ট্ৰ), ই. কে. পালানিস্বামী (তামিলনাডু), কনৰাড ছাংমা (মেঘালয়), ত্ৰিবেন্দু সিং ৰাৱট (উত্তৰাখণ্ড) আৰু যোগী আদিত্যনাথ (উত্তৰ প্ৰদেশ) সৰ্বানন্দ সোণোৱাল(অসম)

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.