ETV Bharat / bharat

সন্তানৰ টীকাকৰণৰ পৰা বঞ্চিত ৫০ শতাংশ অভিভাৱক - lockdown

চাইল্ড ৰাইটছ এণ্ড ইউ নামৰ এক বেচৰকাৰী সংগঠনে চলোৱা সমীক্ষাত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য । দেশৰ লকডাউনৰ সময়ত ৫ বছৰীয়া সন্তান থকা প্ৰায় ৫০ শতাংশ অভিভাৱকে লকডাউনৰ সময়ত সন্তানৰ টীকাকৰণৰ পৰা বঞ্চিত হৈছে ।

সন্তানৰ টীকাকৰণৰ পৰা বঞ্চিত ৫০ শতাংশ অভিভাৱক

author img

By

Published : May 12, 2020, 11:35 PM IST

নিউজ ডেস্ক, ১২ মে' : কোভিড-১৯ মহামাৰীৰ ফলত আৰোপ কৰা লকডাউনত দেশৰ ৫০ শতাংশ অভিভাৱকে সন্তানৰ টীকাকৰণৰ পৰা বঞ্চিত হৈছে বুলি চাইল্ড ৰাইটছ এণ্ড ইউ নামৰ বেচৰকাৰী সংগঠনে চলোৱা সমীক্ষাত পোহৰলৈ আহিছে ।

সংগঠনটোৱে দেশৰ ২২ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত চলোৱা সমীক্ষাত এই তথ্য পোহৰলৈ আহিছে । এই সমীক্ষা দেশত আৰোপ কৰা লকডাউনৰ প্ৰথম আৰু দ্বিতীয় ভাগত চলোৱা হৈছিল । সমীক্ষাত পোহৰলৈ অহা তথ্য অনুসৰি উত্তৰ ভাৰতীয় ৰাজ্যসমূহত এই পৰিসংখ্যা অধিক, প্ৰায় ৬৩ শতাংশ ।

সংস্থাটোৰ মুখ্য কাৰ্যবাহী বিষয়া পূজা মৰহাৱাই প্ৰকাশ কৰা অনুসৰি, দেশৰ মুঠ জনসংখ্যাৰ ৪০ শতাংশ হৈছে শিশু । এইসকল শিশুৰ বাবে বাজেটত মাত্ৰ ৩ শতাংশ পূঁজি যোগান ধৰা হয় ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.