ETV Bharat / bharat

ভাৰত-ম্যানমাৰৰ আলোচনাৰ মাজতেই বৃদ্ধি বিদ্ৰোহী সংগঠনৰ কাৰ্যকলাপ

2019 বৰ্ষৰ জানুৱাৰী-ফেব্ৰুৱাৰী মাহৰ পৰা ম্যানমাৰৰ চাগাইংত ‘তাতমাদাও’ অৰ্থাৎ ম্যানমাৰ সেনাই বিদ্ৰোহী সংগঠনকেইটাৰ মূল ঘাটিত আক্ৰমণ চলোৱাৰ পিছতেই প্ৰায়ে নিস্ক্ৰিয় হৈ আছিল উত্তৰ-পূৱৰ বিদ্ৰোহী সংগঠনসমূহ ৷ দেওবাৰৰ আক্ৰমণৰ আৰম্ভণি IED বিষ্ফোৰণৰ দ্বাৰা হয় আৰু ইয়াৰ পিছতেই স্বয়ংচালিত বন্দুকৰ দ্বাৰা গুলিবৰ্ষণ কৰা হয় ৷

author img

By

Published : Oct 5, 2020, 10:57 AM IST

NE insurgents up ante as India, Myanmar talk to clean 'Wild East'
ভাৰত-ম্যানমাৰৰ আলোচনাৰ মাজতেই বৃদ্ধি বিদ্ৰোহী সংগঠনৰ কাৰ্যকলাপ

নেশ্যনেল ডেস্ক, 5 অক্টোবৰঃ দেওবাৰে পুৱা সেনা প্ৰধান জেনেৰেল মনোজ মুকুণ্ড নাৰাৱানে আৰু বৈদেশিক সচিব হৰ্ষবৰ্ধন শ্ৰীংগলাই সেনা আৰু পৰিকল্পনা সম্বন্ধীয় এক গুৰুত্বপূৰ্ণ আলোচনাৰ বাবে দুদিনীয়া ভ্ৰমণসূচীৰে ম্যানমাৰৰ ৰাজধানী নেপীটাওত উপস্থিত হৈছিল ৷ এই ভ্ৰমণ কাৰ্যসূচীৰ সময়চোৱাতেই উত্তৰ-পূৱৰ যুটীয়া বিদ্ৰোহী সংগঠনৰ এটি দলে অৰুণাচল প্ৰদেশৰ চাংলাঙত অসম ৰাইফলছৰ বাবে পানী কঢ়িয়াই নিয়া ট্ৰাকৰ ওপৰত আক্ৰমণ চলায় ৷

এই আক্ৰমণত অসম ৰাইফলছৰ এজন জোৱান নিহত হোৱাৰ বিপৰীতে আন এজন জোৱান গুৰুতৰভাৱে আহত হৈছে ৷ এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে উত্তৰ-পূৱৰ দুটাকৈ প্ৰধান বিদ্ৰোহী সংগঠনে ৷ এটা হ’ল পৰেশ বৰুৱাৰ নেতৃত্বাধীন সংযুক্ত মুক্তি বাহিনী অসম(ULFA) খাপলাঙৰ নেতৃত্বাধীন এন.এচ.চি.এন(কে) ৷

2019 বৰ্ষৰ জানুৱাৰী-ফেব্ৰুৱাৰী মাহৰ পৰা ম্যানমাৰৰ চাগাইংত ‘তাতমাদাও’ বা ম্যানমাৰ সেনাই বিদ্ৰোহী সংগঠনকেইটাৰ মূল ঘাটিত আক্ৰমণ চলোৱাৰ পিছতেই প্ৰায়ে নিস্ক্ৰিয় হৈ আছিল উত্তৰ-পূৱৰ বিদ্ৰোহী সংগঠনসমূহ ৷ দেওবাৰৰ আক্ৰমণৰ আৰম্ভণি IED বিষ্ফোৰণৰ দ্বাৰা হয় আৰু ইয়াৰ পিছতেই স্বয়ংচালিত বন্দুকৰ দ্বাৰা গুলিবৰ্ষণ কৰা হয় ৷

ইয়াৰ তাৎক্ষণিক কাৰণ এইটো হ’ব বুলি সম্ভাৱনা প্ৰকাশ কৰা হৈছে যে, ভাৰত-ম্যানমাৰ আলোচনাৰ সমান্তৰালকৈ, পশ্চিম অঞ্চলত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত তথা মেকমোহন লাইনত ভাৰত-চীন সৈন্যৰ মাজত বৃদ্ধি পোৱা উত্তেজনাময় পৰিস্থিতিৰ বাবে এই বিদ্ৰোহী সংগঠনসমূহেও উৎসাহ লাভ কৰিছে ৷

ভাৰত-চীন সীমান্তৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত সেনা মোতায়নৰ সামন্তৰালকৈ মেকমোহন লাইনতো সেনা মোতায়ন কৰা প্ৰয়োজন ৷ কাৰণ ইয়াৰ পৰা উত্তৰ পূৱৰ বিদ্ৰোহী সংগঠনসমূহে সুবিধা গ্ৰহণ কৰাৰ সম্ভাৱনা আছে ৷

উত্তৰ-পূৱৰ প্ৰায়সমূহ বিদ্ৰোহী দলেই 60,000 বৰ্গ কিলোমিটাৰ আয়তনৰ ক্ষেত্ৰৰ ভিত্তিত অৰুণাচল প্ৰদেশৰ উত্তৰৰ 1,300 কিলোমিটাৰৰ পৰা দক্ষিণে মণিপুৰলৈকে বিয়পি আছে ৷ সূত্ৰৰ তথ্যৰ অনুসৰি ‘তাতমাদাও’ৰ আক্ৰমণৰ পিছতেই কেইবাটাও বিদ্ৰোহী সংগঠন চীন-ম্যানমাৰ সীমান্তলৈ স্থানান্তৰিত হৈছে ৷ এইটো ক্ষেত্ৰৰেই অসম, মণিপুৰ আৰু নাগালেণ্ডৰ প্ৰায় 50 টাকৈ বিদ্ৰোহী সংগঠন ঘন জংঘলৰ পথেৰে নিজৰ ম্যানমাৰৰ ঠিকনাসমূহত অতি সহজে উভতি যাব পাৰে ৷

বিভিন্ন বিদ্ৰোহী সংগঠনসমূহৰ ঘৰ হোৱাৰ উপৰিও এই অঞ্চলটো খিলঞ্জীয়া লোকসকলৰ অধিকাৰৰ বাবে যুঁজ দিয়া কেইবাটাও সশস্ত্ৰ বাহিনীৰো ঘাটিৰূপে চিহ্নিত হৈছে ৷

লগতে পঢ়ক-গুৱাহাটী উচ্চ ন্যায়ালয়ত ডেনিয়েল তপ্ন' হত্যাকাণ্ডৰ শুনানি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.