ETV Bharat / bharat

ফৰীদাৱাদৰ এজন চিকিৎসকৰ বিৰুদ্ধে যৌন উৎপীড়নৰ অভিযোগ

author img

By

Published : May 22, 2020, 11:36 PM IST

হাৰিয়ানাৰ ফৰীদাৱাদৰ এখন ব্যক্তিগত হাস্পতালৰ চিকিৎসকৰ বিৰুদ্ধে যৌন উৎপীড়নৰ অভিযোগ উত্থাপন ৰাষ্ট্ৰীয় মহিলা আয়োগৰ । আয়োগে চিকিৎসকজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই হাস্পতাল কৰ্তৃপক্ষক ।

ফৰীদাৱাদ
ফৰীদাৱাদৰ এজন চিকিৎসকৰ বিৰুদ্ধে যৌন উৎপীড়নৰ অভিযোগ

নিউজ ডেস্ক, ২২ মে': ৰাষ্ট্ৰীয় মহিলা আয়োগে হাৰিয়ানাৰ ফৰীদাৱাদৰ এখন ব্যক্তিগত হাস্পতালৰ এজন চিকিৎসকৰ বিৰুদ্ধে যৌন উৎপীড়নৰ অভিযোগ উত্থাপন কৰে । লগতে হাস্পতাল কৰ্তৃপক্ষক চিকিৎসকজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই ।

ৰাষ্ট্ৰীয় মহিলা আয়োগে এক টুইটাৰযোগে সদৰী কৰে যে, ১৯ এপ্ৰিল ২০২০ ত ফৰীদাবাদৰ QRG হাস্পতালত এটি ঘটনাৰ আধাৰত ছন্দীপ নামৰ চিকিৎসক জনৰ বিৰুদ্ধে যৌন উৎপীড়নৰ অভিযোগ উত্থাপন কৰে ।

ইয়াৰ উপৰিও অভিযুক্ত চিকিৎসকজনৰ বিৰুদ্ধে বহু বাৰ হাস্পতালখনত কৰ্মৰত মহিলাই অভিযোগ উত্থাপন কৰে যদিও বৰ্তমান পৰ্যন্ত হাস্পতাল কৰ্তৃপক্ষই চিকিৎসক জনৰ বিৰুদ্ধে কোনো ব্য়ৱস্থা গ্ৰহণ কৰা নাই । তাৰ বিপৰীতে অভিযোগ দাখিল কৰা সকলক হাস্পতালৰ পৰা বাহিৰ কৰি দিয়ে বুলি ৰাষ্ট্ৰীয় মহিলা আয়োগে টুইট সদৰী কৰে ।

ঘটনা সন্দৰ্ভত হাস্পতাল কৰ্তৃপক্ষই কয় যে, হাস্পতাল কমিতিয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে । অভিযুক্ত দোষী প্ৰমাণিত হলে চিকিৎসকজনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.