নিউজ ডেস্ক, 24 অক্টোবৰঃ ৰাষ্ট্ৰীয় অপৰাধ পঞ্জীয়ক সংস্থাই শেহতীয়াকৈ প্ৰকাশ কৰিছে সৰ্বভাৰতীয় পৰ্যায়ত সংঘটিত হোৱা অপৰাধৰ প্ৰতিবেদন ৷ বিগত দুবছৰে প্ৰকাশ কৰা হোৱা নাছিল এই প্ৰতিবেদন, যাৰ বাবে শেহতীয়াকৈ প্ৰকাশ কৰা হৈছে 2017 বৰ্ষলৈ সংঘটিত হোৱা অপৰাধৰ বিস্তৃত প্ৰতিবেদন ৷ আৰক্ষী গৱেষনা আৰু উন্নয়ন বিভাগৰ সৈতে একেলগে প্ৰকাশ কৰা হৈছে এই প্ৰতিবেদনখন ৷
লগতে পঢ়কঃ অনিশ্চয়তাত নাগা শান্তি চুক্তি !
সোমবাৰে প্ৰকাশ হোৱা প্ৰতিবেদনখনত মহিলাৰ বিৰুদ্ধে সংঘটিত হোৱা অপৰাধৰ শীৰ্ষত আছে মধ্যপ্ৰদেশ ৷ 2017 চনলৈ ৰাজ্যখনত 14.6 শতাংশৰে 5,599 গৰাকী কিশোৰী আৰু মহিলা বলাৎকাৰৰ বলি হৈছে ৷ ৰাষ্ট্ৰীয় স্তৰত এই তথ্য 2,517 টা ঘটনাৰে 10 শতাংশ বৃদ্ধি পোৱাৰ লগতে 6ৰ পৰা 18 বছৰ বয়সৰ কিশোৰীৰ ওপৰত হোৱা বলাৎকাৰৰ ঘটনা 3,082টাৰে 30 শতাংশ বৃদ্ধি পাইছে ৷
লগতে পঢ়কঃ 2001 চনৰ পৰা কাৰ্যালয়ত অনুপস্থিত থকা এগৰাকী খণ্ড উন্নয়ন বিষয়া
মধ্যপ্ৰদেশৰ পিচতে এই তালিকাত দ্বিতীয় স্থান দখল কৰিছে উত্তৰ প্ৰদেশে ৷ ৰাজ্যখনত 6 বছৰৰ তলৰ 50গৰাকী কন্যা শিশু বলাৎকাৰৰ বলি হয় ৷ ৰাষ্ট্ৰীয় স্তৰত উত্তৰ প্ৰদেশে কিশোৰীৰ বলাৎকাৰত শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে ৷ 2017 চনলৈ ৰাজ্যখনত 6ৰ পৰা 12 বয়সৰ 207টা গোচৰ, 12-16 বয়সৰ 1275টা গোচৰ, 16-18 বয়সৰ 1550টা গোচৰৰ ৰুজু হৈছিল ৷
লগতে পঢ়কঃ কাৰ্টাৰপুৰ কৰিড'ৰত চুক্তিত স্বাক্ষৰ ভাৰত-পাকিস্তানৰ
45-60 বয়সৰ ভিতৰত বলাৎকাৰৰ ঘটনাত উত্তৰ প্ৰদেশে 104টা গোচৰৰে শীৰ্ষত আছে উত্তৰ প্ৰদেশ ৷ আনহাতে 75টা গোচৰেৰে দ্বিতীয় স্থানত আছে অসম ৷ 60 বছৰৰ ঊৰ্ধৰ মহিলাৰ বিৰুদ্ধে হোৱা বলাৎকাৰৰ ঘটনাত 46টাকৈ গোচৰেৰে শীৰ্ষত আছে মধ্যপ্ৰদেশ আৰু 25টাকৈ গোচৰেৰে দ্বিতীয় স্থানত আছে কেৰালা ৷
লগতে পঢ়কঃ এগৰাকী ৰাষ্ট্ৰীয় কাবাডী খেলুৱৈৰ দুৰ্দশা
মহিলাৰ বিৰুদ্ধে সংঘটিত হোৱা অপৰাধত ছয়বছৰৰ তলত 17 শতাংশ, 6ৰ পৰা 12 বছৰৰ 26 শতাংশ, 12-16 বছৰৰ 34 শতাংশ, 16-18 বছৰৰ 29 শতাংশ, 18-30 বছৰৰ 10 শতাংশ, 30-45 বছৰৰ 13 শতাংশ, 45-60 বছৰৰ 21 শতাংশ আৰু 60ৰ ঊৰ্ধত 34 শতাংশৰে দেশৰ ভিতৰতে শীৰ্ষস্থান দখল কৰিছে মধ্যপ্ৰদেশে ৷