ETV Bharat / bharat

ঝাৰখণ্ডত যুৱক-যুৱতী বিচাৰি নক্সালবাদীৰ কি এই অভিযান ? - Naxals demand recruits from villages

নিষিদ্ধ ঘোষিত নক্সালবাদী সংগঠন চিপিআই(মাওবাদী)য়ে সিংহভূম জিলাৰ আভ্যন্তৰীণ গ্ৰাম্যাঞ্চল সমূহত হাতে লিখা পত্ৰ বিতৰণ কৰি প্ৰতিখন গাঁৱৰ পৰা অতি কমেও ১০ জনকৈ যুৱক যুৱতীক সংগঠনত যোগদান কৰাবৰ বাবে গাঁওবুঢ়া সকলক কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। পত্ৰ পোৱাৰ পাছতে পশ্চিম সিংহভূম জিলাৰ গ্ৰাম্যাঞ্চল সমূহত এতিয়া আতংকই বিৰাজ কৰা পৰিলক্ষিত হৈছে।

Naxals issue pamphlet in Jharkhand, demand 10 recruits from each village
ঝাৰখণ্ডত যুৱক-যুৱতী বিচাৰি নক্সালবাদীৰ কি এই অভিযান ?
author img

By

Published : Jun 25, 2020, 9:34 PM IST

নিউজ ডেস্ক,২৫ জুন: নিষিদ্ধ ঘোষিত নক্সালবাদী সংগঠন চিপিআই(মাওবাদী)য়ে সিংহভূম জিলাৰ আভ্যন্তৰীণ গ্ৰাম্যাঞ্চল সমূহত হাতে লিখা পত্ৰ বিতৰণ কৰি প্ৰতিখন গাঁৱৰ পৰা অতি কমেও ১০ জনকৈ যুৱক-যুৱতীক সংগঠনত যোগদান কৰাবৰ বাবে গাঁওবুঢ়া সকলক কঠোৰ নিৰ্দেশনা জাৰি কৰিছে । পত্ৰ পোৱাৰ পাছতে পশ্চিম সিংহভূম জিলাৰ গ্ৰাম্যাঞ্চল সমূহত এতিয়া আতংকই বিৰাজ কৰা পৰিলক্ষিত হৈছে ।

প্ৰাপ্ত তথ্য অনুসৰি নিষিদ্ধ সংগঠন চিপিআই(মাওবাদী)য়ে সংগঠনত সদস্যভৰ্তি কৰাবৰ বাবে গাঁৱৰ প্ৰধান অৰ্থাৎ গাঁওবুঢ়া সকলক উদ্দেশ্যি হাতে লিখা পত্ৰৰ দ্বাৰা অৱগত কৰা হৈছে নিৰ্দেশনা । যিকোনো প্ৰকাৰে প্ৰতিখন গাঁৱৰ পৰা ১০ গৰাকীকৈ যুৱক-যুৱতীক সংগঠনত যোগান নধৰিলে তাৰ পৰিণতিত যিকোনো ভয়াবহ বিপদৰো ভাবুকি প্ৰদান কৰা হৈছে গাঁওবুঢ়া সকলক ।

এই পত্ৰ পোৱাৰ পাছতে সকলো হৈ পৰিছে স্তম্ভিত, আতংকিত । ইতিমধ্যে সমগ্ৰ বিষয়টো অৱগত হোৱাৰ পাছতে জিলা আৰক্ষী অধীক্ষক ইন্দ্ৰজিৎ মাহাথাই গোচৰ ৰুজু কৰিবৰ বাবে সকলোকে নিৰ্দেশনা দিয়া পৰিলক্ষিত হৈছে । আৰক্ষী অধীক্ষক গৰাকীৰ তৎপৰতাৰ পাছতেই চিপিআই(মাওবাদী)ৰ সদস্য প্ৰশান্ত বসু, মিচিৰ বেচৰা, সুৰেশ মুণ্ডাকে ধৰি বহুকেইজন ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজো কৰা পৰিলক্ষিত হয় । শেহতীয়াকৈ নক্সালবাদী সংগঠনৰ বিৰুদ্ধে সেনা-আৰক্ষীয়ে লোৱা অভিযানৰ ফলত অতিকে বেয়া ধৰণে ক্ষতিগ্ৰস্ত হৈছে নিসিদ্ধ সংগঠন চিপিআই (মাওবাদী) ।

লগতে পঢ়ক : গালৱান ভেলীলৈ উভতি আহিছে পিপলছ লিবাৰেছন আৰ্মী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.