নিউজ ডেস্ক, ১২ জুলাইঃ ঝাৰখণ্ডৰ পশ্চিম সিংহভূম জিলাৰ বন বিভাগত মাওবাদীৰ আক্ৰমণ । সিংহভূম জিলাৰ ছাইবাছা বৰকেলাত মাওবাদীয়ে বন বিভাগৰ কাৰ্যালয় চৌহদস্থিত কেইবাটাও ভৱন আইইডিৰে আক্ৰমণ কৰে মাওবাদীয়ে । তাৰোপৰি বন কাৰ্যালয়ৰ চৌহদত থকা কেইবাখনো চাৰিচকীয়া বাহন আৰু বাইকত জুই জ্বলাই দিয়ে মাওবাদীয়ে । ঘটনা সংঘটিত কৰি মাওবাদীয়ে বন কাৰ্যালয়ৰ চৌহদত পোষ্টাৰো লগাই দিয়ে । পোষ্টাৰত মাওবাদীসকলে সেই অঞ্চলৰ পৰা বন বিভাগৰ কাৰ্যালয় উঠাই দিবলৈ দাবী জনায় । লগতে 'বনাঞ্চল সাধাৰণ নাগৰিকৰ বাবে' বুলি পোষ্টাৰত উল্লেখ কৰাৰ লগতে বন কাৰ্যালয় উক্ত অঞ্চলৰ পৰা স্থানান্তৰ নকৰা পৰ্যন্ত এই হিংসাত্মক প্ৰতিবাদ অব্যাহত থাকিব বুলি সদৰি কৰে ।
উল্লেখ্য যে, বিগত কিছুদিন পূৰ্বে মাওবাদী সংগঠন চিপিআইয়ে কেইবাখনো গাঁৱৰ মুখিয়াক সম্বোধন কৰি হাতেৰে পত্ৰ লিখি প্ৰেৰণ কৰে । পত্ৰ প্ৰেৰণ কৰা প্ৰত্যেকখন গাঁৱৰ পৰা প্ৰায় ১০ জনকৈ যুৱক মাওবাদী সংগঠনটোত ভৰ্তি কৰোৱাৰ বাবে প্ৰেৰণ কৰিবলৈ দাবী জনায় । আনহাতে, বিগত ২০ জুনত গুমলাত সেনা বাহিনী আৰু পিপুলছ ফ্ৰণ্ট অফ ইণ্ডিয়াৰ মাজত হোৱা সংঘৰ্ষত এজন পিএলএফআইৰ সদস্য় গুৰুতৰভাবে আহত হয় ।
লগতে পঢ়ক : কৰ'ণাৰ সমান্তৰালকৈ গোলাঘাটত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ