নিউজ ডেস্ক, 14 অক্টোবৰ : ছত্তিশগড়ৰ দন্তেবাড়া আৰু বিজাপুৰা জিলাৰ সীমান্তৰ ফাৰেছপাল/মিৰটোৰ/কিৰাণ্ডোল আৰক্ষী থানাৰ অন্তৰ্গত এণ্ড্ৰীপাল অৰণ্যত মঙলবাৰে নক্সালবাদীৰ এখন কেম্পত অভিযান চলাই নষ্ট কৰে দন্তেবাড়া ডিআৰজিৰ জোৱান সকলে ৷
দন্তেবাড়া ডিআৰজিৰ জোৱান সকলে গোপন তথ্যৰ ভিত্তিত অভিযান চলায় আৰু বহুত পৰিমাণৰ বিস্ফোৰক সামগ্ৰী/কেম্প সজা সামগ্ৰী জব্দ কৰে ৷
উদ্ধাৰ কৰা বস্তু সমূহৰ ভিতৰত পইণ্ট 315 ব‘ৰৰ ৰাইফল,কেম্প সজা সামগ্ৰী,নক্সালবাদীৰ ইউনিফৰ্ম,আইইডি চুইট্চৰ লগতে অন্যান্য দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰী ৷
লগতে পঢ়ক: ভাৰতীয় ভূতত্ব জৰীপ বিভাগৰ নতুন পদক্ষেপ