নেশ্বনেল ডেস্ক, 3 ডিচেম্বৰঃ ভাৰতীয় নৌ-সেনাই বুধবাৰে অৰ্থাৎ 4 ডিচেম্বৰ তাৰিখে উদযাপন কৰিব নৌ-সেনা দিৱস ৷ নৌ-সেনা দিৱসৰ এদিন পূৰ্বে নতুন দিল্লীস্থিত নৌ-সেনা মূখ্যালয়ত এক সংবাদমেল সম্বোধন কৰে নৌ-সেনা প্ৰধান এডমিৰেল কৰমবীৰ সিঙে ৷ সংবাদমেলত ৰাষ্ট্ৰীয় সুৰক্ষাৰ লগতে নৌ-সেনাৰ আধুনিকীকৰণৰ ওপৰত বিশদ বিৱৰণ প্ৰদান কৰে এডমিৰেল কৰমবীৰ সিঙে ৷
লগতে পঢ়কঃ ভাৰত মহাসাগৰত চীনৰ গতিবিধি ভাৰতে নজৰত ৰাখিছেঃ এডমিৰেল কৰমবীৰ সিং
ভাৰতীয় নৌ-সেনাৰ দীৰ্ঘম্যাদী পৰিকল্পনাৰ অংশ হিচাপে নৌ-সেনাৰ শক্তি বৃদ্ধিৰ বাবে সংযোজন কৰা হ'ব তিনিখনকৈ যুদ্ধবিমান পৰিবহনকাৰী জাহাজ ৷ ইয়াৰ উপৰিও 41খন সামৰিক নৌ-জাহাজ শীঘ্ৰেই ক্ৰয় কৰিব ভাৰতীয় নৌ-সেনাই ৷ 2022 চনৰ ভিতৰত ভাৰতৰ প্ৰথমখন স্বদেশীয় যুদ্ধবিমান পৰিবহনকাৰী জাহাজ আইএচি বিক্ৰান্ত (Indigenous Aircraft Carrier, Vikrant) সম্পূৰ্ণৰূপে সাজু হৈ উঠিব ৷ আইএনচি বিক্ৰান্তত নৌ-সেনাৰ MiG-29K যুদ্ধবিমানৰ ফ্লীট থাকিব ৷ বৰ্তমানে ভাৰতীয় নৌ-সেনাৰ নাভেল এয়াৰ ৱিং (Naval Air Wing)ত 200 ৰো অধিক বিমান আছে ৷ ইয়াৰ ভিতৰত MiG-29K যুদ্ধবিমান, বয়িং P8I সাগৰীয় নিৰীক্ষণকাৰী বিমান আৰু হেলিকপ্টাৰ উল্লেখযোগ্য ৷
সংবাদমেলত ভাৰতীয় নৌ-সেনাৰ বাবে অনুমোদন জনোৱা বাজেট বিগত পাঁচ বছৰত 18 শতাংশৰ পৰা 12 শতাংশলৈ হ্ৰাস পোৱাৰ কথা উল্লেখ কৰে এডমিৰেল কৰমবীৰ সিঙে ৷ অৱশ্যে ভাৰতীয় নৌ-সেনাই ইয়াৰ আধুনিকীকৰণৰ বাবে সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ স্বদেশী যুদ্ধজাহাজ নিৰ্মাণকাৰী ডকৰ পৰা আৰম্ভ কৰি অস্ত্ৰ-প্ৰণালীলৈকে ভাৰতে অধিক গুৰুত্ব প্ৰদান কৰিছে ৷ ইয়াৰ পূৰ্বে নৱেম্বৰ মাহত ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা সৰ্বমুঠ 1.0210 বিলিয়ন আমেৰিকান ডলাৰৰ বিনিময়ত 13টা 5 ইঞ্চি 62 কেলিবাৰৰ MK-45(MOD 4) নৌ-টোপ, 3,500টা D349 প্ৰজেক্টাইল আৰু 54টা 5 ইঞ্চিৰ MK-92 MOD 1 বাৰুদ ক্ৰয়ৰ এক চুক্তি সম্পন্ন কৰিছে ৷ ইয়াৰ উপৰিও বাৰুদ, অস্ত্ৰৰ অতিৰিক্ত অংশ, নৌ-সেনাৰ লগতে অস্ত্ৰৰ প্ৰশিক্ষণ, প্ৰযুক্তিগত তথ্য আৰু প্ৰকাশন, যাতায়ত, আমেৰিকাৰ প্ৰযুক্তিগত সৰবৰাহকাৰীক সহযোগ আৰু অন্যান্য অনা-নিয়া বিষয়ক দিশসমূহো এই চুক্তিত অন্তৰ্ভুক্ত থাকিব ৷
লগতে পঢ়কঃ নৌসেনা দিৱসৰ পূৰ্বে বিশাখাপট্টনমত নৌ-বাহিনীৰ অনুশীলন