নেশ্যনেল ডেস্ক, 3 ডিচেম্বৰ : মঙলবাৰে চন্দ্ৰযান-2 ৰ বিক্ৰম লেণ্ডাৰৰ ধংসাৱশেষৰ সম্ভেদ লাভ কৰিছে নাছাই ৷ ইয়াৰ পাচতে মহাকাশযানখনৰ ধংসাৱশেষৰ বিভিন্ন আলোকচিত্ৰ মুকলি কৰে নাছাই ৷ নাছাৰ LRO কেমেৰাৰ দ্বাৰা উঠোৱা আলোকচিত্ৰসমূহ নাছাই মুকলি কৰাৰ লগতে মহাকাশযানখন সেই বিশেষ অংশত অৱতৰণ কৰাৰ পূৰ্বৰ আৰু বৰ্তমানৰ কিছু ক্ষণো মুকলি কৰি দিয়া হয় ৷ ইয়াৰোপৰি,লেণ্ডাৰখনৰ প্ৰভাৱত হোৱা ক্ষত সমূহো প্ৰকাশ কৰে নাছাই ৷ ইছৰোৰ পৰিকল্পনা বিফল হোৱাৰ পিচতে বিশ্বৰ কেবাখনো দেশে বিক্ৰম লেণ্ডাৰৰ সন্ধান অব্যাহত ৰাখিছিল ৷ কেবাটাও মহাকাশ সংস্থাই পৰৱৰ্তী সময়ত বিক্ৰম লেণ্ডাৰৰ সন্ধানত অত্যাধুনিক কেমেৰাৰে চলাইছিল অনুসন্ধান ৷
-
The #Chandrayaan2 Vikram lander has been found by our @NASAMoon mission, the Lunar Reconnaissance Orbiter. See the first mosaic of the impact site https://t.co/GA3JspCNuh pic.twitter.com/jaW5a63sAf
— NASA (@NASA) December 2, 2019 " class="align-text-top noRightClick twitterSection" data="
">The #Chandrayaan2 Vikram lander has been found by our @NASAMoon mission, the Lunar Reconnaissance Orbiter. See the first mosaic of the impact site https://t.co/GA3JspCNuh pic.twitter.com/jaW5a63sAf
— NASA (@NASA) December 2, 2019The #Chandrayaan2 Vikram lander has been found by our @NASAMoon mission, the Lunar Reconnaissance Orbiter. See the first mosaic of the impact site https://t.co/GA3JspCNuh pic.twitter.com/jaW5a63sAf
— NASA (@NASA) December 2, 2019
উল্লেখ্য যে,22 জুলাইত শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা এই অভিযানৰ আৰম্ভণি হৈছিল ৷
আৰু পঢ়ক : কেবৰ বিৰুদ্ধে জুবিন গাৰ্গ