ETV Bharat / bharat

লকডাউন : কৃষিকৰ্ম সম্পৰ্কত ৰাজ্যৰ মতামত গ্ৰহণ কৰিব নৰেন্দ্ৰ সিং তোমৰে

author img

By

Published : Apr 8, 2020, 10:02 PM IST

লকডাউনৰ এই সময়ছোৱাত কৃষিখণ্ডৰ ওপৰত আলোচনা কৰিবলৈ বৈঠকৰ আয়োজন নৰেন্দ্ৰ সিং তোমৰৰ ৷ ৰাজ্যসমূহৰ কৃষিমন্ত্ৰীসকলৰ সৈতে এই বৈঠকৰ আয়োজন ৷

ৰাজ্যসমূহৰ কৃষিমন্ত্ৰীসকলৰ সৈতে তোমৰৰ বৈঠক
নৰেন্দ্ৰ সিং তোমৰ

নেশ্যনেল ডেস্ক, 8 এপ্ৰিল : লকডাউনৰ এই সময়ছোৱাত কৃষিকৰ্মত ইয়াৰ প্ৰভাৱ নপৰিবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব কেন্দ্ৰীয় চৰকাৰে ৷ লকডাউন আৰু ইয়াৰ সম্প্ৰসাৰণৰ দাবীৰ পৰিপ্ৰেক্ষিতত কৃষক আৰু কৃষিকৰ্মৰ বাবে বিভিন্ন ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ ৷

কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰে বুধবাৰে ৰাজ্যসমূহৰ কৃষিমন্ত্ৰীসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে এই সম্পৰ্কত আলোচনা কৰিবৰ বাবে এক বৈঠকৰ আয়োজন কৰে ৷

সূত্ৰই প্ৰকাশ কৰা অনুসৰি, এই বৈঠকৰ মূল বিষয় হৈছে কৃষিখণ্ড আৰু কৃষকসকল ৷

এই বৈঠকতে শস্য চপোৱা আৰু গুটি-শস্য ক্ৰয় সম্পৰ্কতো আলোচনা কৰা হ'ব ৷ বহু শস্য চপোৱাৰ সময় হোৱাৰ পাচতো লকডাউনৰ বাবে কৃষকসকলে এই কাম সমাধান কৰিব পৰা নাই ৷

উল্লেখ্য যে, দেশৰ 70 শতাংশ লোক কৃষিকৰ্মৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ লগতে গ্ৰামাঞ্চলৰ 83.8 কোটি লোকে কৃষিকৰ্মৰ জৰিয়তে জীৱিকা নিৰ্বাহ কৰে ৷ এনে সময়ছোৱাত শস্য চপাবলৈ অসুবিধা হোৱাৰ লগতে কৃষকসকল নিজ গৃহতে বন্দী হৈ থকাৰ বাবে তোমৰৰ সিদ্ধান্ত বহু গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে ৷

এয়া ৰবি শস্য উৎপাদনৰ সময় ৷ আনহাতে, বহু স্থানত আবতৰীয়া বৰষুণ দিয়াৰ ফলত ঘেঁহু, সৰিয়হ আৰু চানাজাতীয় শস্য বিধস্ত হৈছে ৷

উল্লেখ্য যে, 14 এপ্ৰিলত 21 দিনীয়া লকডাউনৰ অন্ত পৰিলেও ইয়াৰ সম্প্ৰসাৰণ কৰিবৰ বাবে বহু দাবী উত্থাপন কৰা হৈছে ৷ এই সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰেও চিন্তা-চৰ্চা চলাই আছে বুলিও মন্তব্য কৰে এক সূত্ৰই ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.