ETV Bharat / bharat

বৈজ্ঞানিকৰ দ্বাৰা তদন্ত বিছাৰি প্ৰধানমন্ত্ৰীলৈ পত্ৰ চন্দ্ৰবাবু নাইডুৰ - এন চন্দ্ৰবাবু নাইডু

অন্ধ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এক পত্ৰ প্ৰেৰণ কৰে । এই পত্ৰত তেওঁ বিশাখাপট্টনমত সংঘটিত হোৱা এল জি পলিমাৰ উদ্যোগৰ গেছ নিৰ্গমণৰ ঘটনা তদন্তৰ বাবে বৈজ্ঞানিকৰ দল গঠনৰ আহ্বান জনাইছে ।

বৈজ্ঞানিকৰ দ্বাৰা তদন্ত বিছাৰি প্ৰধানমন্ত্ৰীলৈ চিঠি চন্দ্ৰবাবু নাইডুৰ

author img

By

Published : May 9, 2020, 5:02 PM IST

নিউজ ডেস্ক, 9 মে': অন্ধ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু TDPৰ প্ৰধান এন চন্দ্ৰ বাবু নাইডুয়ে প্ৰধান মন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰে । এই পত্ৰৰ জৰিয়তে তেওঁ বিশাখাপট্টনমত সংঘটিত হোৱা এল জি পলিমাৰ উদ্যোগৰ গেছ নিৰ্গমণৰ ঘটনাৰ বৈজ্ঞানিক তদন্তৰ বাবে অনুৰোধ জনায় । সেয়ে তেওঁ বৈজ্ঞানিক বিশেষজ্ঞৰ দ্বাৰা তদন্ত সমিতি এখন গঠন কৰিবলৈ আহ্বান কৰে ।

নিৰ্গমণ হোৱা গেছ ষ্টাৰলিন বুলি প্ৰকাশ কৰিছে উদ্যোগটোৱে, কিন্তু তাত আন বিষাক্ত গেছো থকাৰ বিষয়ে পৰস্পৰ বিৰোধী মত প্ৰকাশ পাইছে । সেয়ে বৈজ্ঞানিকৰ দ্বাৰা তদন্ত কৰি স্বাস্থ্যত ইয়াৰ প্ৰভাৱ সম্পৰ্কে বুজাৰ প্ৰয়োজন আছে - পত্ৰখনত এইদৰে লিখে নাইডুৱে ।

Naidu writes to PM, requests scientific probe into Vizag gas leak incident
বৈজ্ঞানিকৰ দ্বাৰা তদন্ত বিছাৰি প্ৰধানমন্ত্ৰীলৈ লিখা পত্ৰ খন...
বৈজ্ঞানিকৰ দ্বাৰা তদন্ত বিছাৰি প্ৰধানমন্ত্ৰীলৈ লিখা পত্ৰ খন
বৈজ্ঞানিকৰ দ্বাৰা তদন্ত বিছাৰি প্ৰধানমন্ত্ৰীলৈ লিখা পত্ৰ খন..

ইতিমধ্যে নেছনেল গ্ৰীণ ট্ৰিবিউনেলে এল জি পলিমাৰ উদ্যোগলৈ জাননী প্ৰেৰণ কৰিছে । আনহাতে কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ সমিতিয়ে আৰু পৰিবেশ মন্ত্ৰীয়ে দুখ প্ৰকাশ কৰিছে ।

ৰাজ্য চৰকাৰ খনে ভুক্তভোগী সকলৰ বাবে মুঠ 30 কোটি টকাৰ ক্ষতিপূৰণ তথা সাহায্য পুঁজি ঘোষণা কৰিছে । আনহাতে মৃতকৰ পৰিয়ালক 1 কোটি টকাকৈ দিয়াৰ কথাও ঘোষণা কৰিছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.