নিউজ ডেস্ক, ২৮ জুনঃ শনিবাৰে নাগালেণ্ডত মুকলি হ'ল দ্বিতীয়টো 'BSL-2' গৱেষণাগাৰ । কোভিড-১৯ ৰ নমুনা পৰীক্ষা বৃদ্ধি কৰাৰ বাবে বাবে ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰী এছ. পাংন্যু ফোমে ডিমাপুৰত মুকলি কৰে গৱেষণাগাৰটো । এই গৱেষণাগাৰটো স্থাপনৰ দ্বাৰা কোভিড-১৯ ৰ পৰীক্ষা ক্ষীপ্ৰতৰ হোৱাৰ লগতে আন আন ৰোগৰ পৰীক্ষাৰ ক্ষেত্ৰতো সহায়ক হ'ব বুলি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।
![Nagaland Health Minister inaugurates BSL-2 Lab in Dimapur](https://etvbharatimages.akamaized.net/etvbharat/prod-images/11:41:20:1593324680_nagaland_awvxmww_ritpvvr1593324559940-33_2806email_1593324571_55.jpg)
গৱেষণাগাৰটো মুকলি কৰি এছ. পাংন্যু ফোমে কয়, "নাগালেণ্ডবাসীৰ বাবে ২৭ জুনৰ দিনটো এটা বিশেষ দিন । দুটা মাহৰ ভিতৰত ৰাজ্যখনত আমি দুটাকৈ 'BSL' গৱেষণাগাৰ স্থাপন কৰিবলৈ সক্ষম হৈছো । 'BSL-2' গৱেষণাগাৰৰ জড়িয়তে এদিনত ৯০ গৰাকী লোকৰ কোভিড-১৯ পৰীক্ষা কৰিব পৰা যাব । " উল্লেখ্য যে, বিগত মাহৰ কোহিমাৰ অ'কিং হাস্পতালত এটা 'BSL-3' গৱেষণাগাৰ আৰু কেইবাখনো জিলাত আন কেইবাটাও গৱেষণাগাৰ স্থাপন কৰা হৈছিল বুলি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ।
উক্ত অনুষ্ঠানত নাগালেণ্ডৰ স্বাস্থ্যমন্ত্ৰীৰ লগতে জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ মন্ত্ৰী জেক'ব ঝিমোমী, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সচিব কেচোঁয়ে হ'মে, 'CIHSR' (Christian Institute of Health Sciences and Research)ৰ সঞ্চালক ডঃ চেদেৱীয়ো উপস্থিত আছিল ।
শনিবাৰলৈকে নাগালেণ্ডত মুঠ ১১,১৫৮ গৰাকী লোকৰ নমুনা পৰীক্ষা কৰা হৈছে । ইয়াৰে ১০,১৯৭ গৰাকী লোকৰ ফলাফল লাভ কৰা গৈছে । স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি এইপৰ্যন্ত নাগালেণ্ডত মুঠ ৪১২ গৰাকী লোকৰ কোভিড-১৯ পজিটিভ পোৱা গৈছে । ইয়াৰে ২৪৮ গৰাকী ৰোগী চিকিৎসাধীন অৱস্থাত থকাৰ বিপৰীতে আৰোগ্য লাভ কৰিছে ১৬৪ গৰাকী ৰোগীয়ে । আনহাতে, ৰাজ্যখনত এইপৰ্যন্ত এই মহামাৰীৰ ফলত কোনো লোকৰ মৃত্যু হোৱা নাই ।
লগতে পঢ়ক : কোভিড-১৯ : গুজৰাটৰ আহমেদাবাদৰ শেহতীয়া তথ্য