ETV Bharat / bharat

তিনি তালাক আইনৰ বৰ্ষপূৰ্তি : মুছলিম মহিলাৰ সৈতে বাৰ্তালাপ কেন্দ্ৰীয় মন্ত্ৰীৰ - মুছলিম মহিলা(বিবাহ সুৰক্ষাৰ অধিকাৰ) বিধেয়ক আইনলৈ পৰিণত

'মুছলিম মহিলাৰ অধিকাৰ দিৱস' হিচাপে পালন কৰা হৈছে 31 জুলাইৰ দিনটো ৷ দিনটোৰ সৈতে সংগতি ৰাখি কেন্দ্ৰীয় মন্ত্ৰীসকলে দেশৰ বিভিন্ন স্থানৰ মুছলিম মহিলাসকলৰ সৈতে বাৰ্তালাপ কৰে ৷

মুছলিম মহিলাৰ সৈতে বাৰ্তালাপ কেন্দ্ৰীয় মন্ত্ৰীৰ
তিনি তালাক আইনৰ বৰ্ষপূৰ্তি
author img

By

Published : Aug 1, 2020, 4:15 PM IST

Updated : Aug 1, 2020, 4:52 PM IST

নেশ্যনেল ডেস্ক, 1 আগষ্ট : দেশৰ বিভিন্ন স্থানৰ মুছলিম মহিলাৰ সৈতে শুকুৰবাৰে বাৰ্তালাপ কৰে কেন্দ্ৰীয় মন্ত্ৰী মুখতাৰ আব্বাছ নাকবি, স্মৃতি ইৰানী আৰু ৰবি শংকৰ প্ৰসাদে ৷ মুছলিম মহিলা(বিবাহ সুৰক্ষাৰ অধিকাৰ) বিধেয়ক আইনলৈ পৰিণত হোৱাৰ এবছৰ সম্পূৰ্ণ হোৱা উপলক্ষে এনেদৰে মুছলিম মহিলাসকলৰ সৈতে বাৰ্তালাপ কৰে কেন্দ্ৰীয় মন্ত্ৰী কেইগৰাকীয়ে ৷

তিনি তালাক প্ৰথাৰ অন্ত পেলোৱাৰ উদ্দেশ্যে যোৱা বছৰৰ 31 জুলাইত এই বিধেয়কখন সংসদত গৃহীত হৈছিল ৷ ইয়াৰ পৰৱৰ্তী দিনাই এই বিধেয়কে ৰাষ্ট্ৰপতিৰ অনুমোদন লাভ কৰিবলৈ সক্ষম হৈছিল ৷ এই দিনটোক 'মুছলিম মহিলাৰ অধিকাৰ দিৱস' হিচাপে পালন কৰা হয় ৷

সংবাদ মাধ্যমৰ আগত কেন্দ্ৰীয় ৱাকাফ পৰিষদৰ সদস্য হানিফ আলিয়ে কয়,"আজি ঐতিহাসিক দিন ৷ আজিৰ দিনটোতে সংসদত তিনি তালাক বিল গৃহীত হৈছিল ৷ এই উপলক্ষে মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী,কেন্দ্ৰীয় মন্ত্ৰী ৰবি শংকৰ প্ৰসাদ আৰু মুখতাৰ আব্বাছ নাকবিক অভিনন্দন জ্ঞাপন কৰিছো ৷ যোৱা বছৰ বিধেয়কখন গৃহীত হোৱাৰ ফলত প্ৰথমবাৰৰ বাবে আমি মুছলিম মহিলাৰ অধিকাৰ দিৱস পালন কৰিব পাৰিলো ৷"

কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে কয়,"এই আইন মহিলাৰ অধিকাৰ আৰু আত্মসন্মানৰ বাবে ৷ মুছলিম মহিলাসকলক ডিজিটেল উপায়েৰে স্বাক্ষৰ কৰি তুলিবলৈ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব ৷"

লগতে পঢ়ক : বিশাখাপট্টনমৰ ভিজাগত ক্ৰেন বাগৰি নিহত 10 জন

Last Updated : Aug 1, 2020, 4:52 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.