নেশ্বেনল ডেস্ক, 7 অক্টোবৰ : মহাৰাষ্ট্ৰৰ মুম্বাইত এজন মৃত ভিক্ষাৰীৰ বাসগৃহৰ পৰা লক্ষাধিক টকা উদ্ধাৰ কৰা হৈছে ৷ মুম্বাই আৰক্ষী বিভাগে ভিক্ষাৰীজনৰ বাসগৃহত তালাছী চলাই উদ্ধাৰ কৰে 8.77 লাখ টকাৰ ফিক্সড ডিপ'জিট আৰু 1.5 লাখ টকাৰ নগদ ধন ৷ উল্লেখ্য যে, মৃত ভিক্ষাৰীজন হৈছে গোবান্দি অঞ্চলৰ বিৰজু চন্দ্ৰ আজাদ ৷
অক্টোবৰৰ 4 তাৰিখে ৰেলৱে' ট্ৰেক পাৰ হ'বলৈ চেষ্টা কৰা সময়তে আজাদে মৃত্যুক সাৱটি লৈছিল ৷