নেশ্যনেল ডেস্ক,18 জানুৱাৰী : মধ্যপ্ৰদেশত নিজৰ বিবাহৰ নিমন্ত্ৰণী পত্ৰৰ যোগেদি নাগৰিকত্ব সংশোধনী আইন আৰু এন আৰ চিক সমৰ্থন এহাল দম্পত্তিৰ ৷ বিবাহৰ নিমন্ত্ৰণী পত্ৰত ছপা কৰি নাগৰিকত্ব সংশোধনী আইন আৰু এন আৰ চি লৈ সমৰ্থন আগবঢ়ালে মধ্যপ্ৰদেশৰ নৰসিংহপুৰৰ এই দম্পত্তিহালে ৷ এই সন্দৰ্ভত নৰসিংহপুৰৰ দৰা প্ৰভাতে কয় যে,ইয়াৰ জৰিয়তে তেওঁ নাগৰিকত্ব সংশোধনী আইনখনৰ বিষয়ে প্ৰচাৰ আৰু সজাগ কৰিব বিচাৰে ৷ লগতে তেখতে জনসাধাৰণে এই আইনখনৰ প্ৰয়োজনীয়তা আৰু তথ্য সমূহ বুজি পোৱাটো বিচাৰে ৷
লগতে পঢ়ক:ৰাজস্থানত স্বৰপঞ্চ হিচাপে নিৰ্বাচিত হ'ল 97 বছৰীয়া মহিলা
উল্লেখ্য যে কিছুদিন পূৰ্বেও উত্তৰ প্ৰদেশৰ আন এহাল দম্পত্তিয়েও নাগৰিকত্ব সংশোধনী আইন আৰু এন আৰ চিৰ পক্ষত চৰকাৰক সমৰ্থন জনোৱা পৰিলক্ষিত হৈছিল ৷ 3 জানুৱাৰী বিবাহ পাশত আবদ্ধ হোৱা মোহিত শৰ্মা আৰু ছোনম পাঠকেও তেওঁলোকৰ বিবাহৰ নিমন্ত্ৰণী পত্ৰত হিন্দী আখৰত বৃহৎ আকাৰত "আমি নাগৰিকত্ব সংশোধনী আইন আৰু এন আৰ চি সমৰ্থন কৰো" বুলি লিখি এই আইন দুখনৰ প্ৰতি সমৰ্থন প্ৰদৰ্শন কৰিছিল৷
লগতে পঢ়ক:স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী ৰূপে শপত ল'লে যোগেন মহন - সঞ্জয় কিষাণে