নেশ্বনেল ডেস্ক, 3 অক্টোবৰ : ছত্তিসগড়ৰ লোকগীতৰ জনপ্ৰিয় গায়িকা পুনম তিৱাৰীয়ে গীতেৰে অন্তিমবাৰৰ বাবে বিদায়ে জনালে নিজ পুত্ৰ সুৰজ তিৱাৰীক ৷ অন্তিম সংস্কাৰৰ বাবে পুত্ৰৰ মৃতদেহ নিয়াৰ পূৰ্বে পুত্ৰৰ পছন্দৰ গীত গাই বিদায় জনায় প্ৰখ্যাত গায়িকাগৰাকীয়ে ৷
পুত্ৰৰ মৃত্যুৰ বেদনাক নিজৰ বুকুত সামৰি পুত্ৰৰ অন্তিম ইচ্ছা পূৰণ কৰে লোকগীতৰ জনপ্ৰিয় গায়িকা পুনম তিৱাৰীয়ে ৷ পুত্ৰৰ পছন্দৰ 'চৌলা মাটী কে ৰাম একৰ কা ভৰোসা' শীৰ্ষক গীতটো বাদ্য-যন্ত্ৰৰ সৈতে পৰিৱেশন কৰে মাতৃ পুনম তিৱাৰীয়ে ৷
নিজেও এজন লোকগীতৰ সাধক আছিল সুৰজ তিৱাৰী ৷ থিয়েটাৰত গীত পৰিৱেশন কৰা পুনম তিৱাৰীয়ে দেশ-বিদেশৰ থিয়েটাৰত গীত পৰিৱেশন কৰি আহিছে ৷ লোকগীতক ভৱিষ্যৎ প্ৰজন্মৰ বাবে জীয়াই ৰখাৰ চেষ্টাত ব্ৰতী আছিল তিৱাৰীৰ সমগ্ৰ পৰিয়ালটো ৷ ইয়াৰ মাজতে পুত্ৰক হেৰুৱাই স্তব্ধ হৈ পৰিছে পৰিয়ালটো ৷ বৰ্তমানেও পৰিয়ালৰ কোনো এজন সদস্যই মানি ল'ব পৰা নাই যে, সুৰজ এই পৃথিৱীৰ পৰা বিদায় মাগিছে ৷
সুৰজ তিৱাৰীৰ অন্তিম ইচ্ছা আছিল, ছত্তীসগড়ৰ শ্বহীদ বীৰ নাৰায়ন সিঙৰ ওপৰত এখন বোলছবি নিৰ্মাণ কৰা ৷ ইয়াৰ বাবে তেওঁ বহু লোকৰ সৈতে মিলিত হৈছিল আৰু এই বিষয়টোৰ ওপৰত অধ্যয়ন অব্যাহত ৰাখিছিল ৷ কিন্তু এই ইচ্ছাও পূৰণ নহ'ল সুৰজৰ ৷ সুৰজৰ অন্তিম সংস্কাৰত উপস্থিত থাকে ছত্তিসগড়ৰ লোক কলাকাৰসকল ৷
পুত্ৰৰ মৃত্যু সম্পৰ্কত মাতৃয়ে মন্তব্য কৰে যে, সুৰজ তিৱাৰী এজন কলাকাৰ আছিল সেয়েহে তেওঁক গানেৰে বিদায় জনোৱাই উচিত আছিল ৷ "আমি দুয়ো মাতৃ-পুত্ৰই একেলগে গীত পৰিৱেশন কৰিলে এখন পৃথক পৃথিৱীত হেৰাই যাওঁ "-এয়া পুনমৰ মন্তব্য ৷