নিউজ ডেস্ক, 24 ফেব্ৰুৱাৰীঃ বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়াম গুজৰাটৰ আহমেদাবাদত স্থাপন কৰা হৈছে ৷ ষ্টেডিয়ামখন উদ্বোধন কৰিবলৈ মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আগমণৰ হেতু ‘নমষ্টে ট্ৰাম্প’ নামৰ এক অনুষ্ঠানৰ আয়োজন কৰা হয় আৰু এই বহুপ্ৰত্যাশিত আয়োজনৰ অংশীদাৰ হিচাপে সোমবাৰে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হয়৷

ইয়াৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট কন্ট্ৰোল ব’ৰ্ড (BCCI)য়ে টুইটাৰযোগে ম’টেৰা ষ্টেডিয়ামৰ প্ৰথম পৰিচয় দাঙি ধৰি এইদৰে মন্তব্য কৰে যে, এই ষ্টেডিয়ামখন চৰ্দাৰ পেটেল ষ্টেডিয়াম নামেৰেও জনা যাব ৷ লগতে, অষ্ট্ৰেলিয়াৰ আইকনিক মেলব’ৰ্ণ ক্ৰিকেট ষ্টেডিয়ামক হৰুৱাই বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়াম হিচাপে পৰিচিত হ’ব ৷ অষ্ট্ৰেলিয়াৰ এই MCG ষ্টেডিয়ামত 90,000 ক্ৰিকেটপ্ৰেমীয়ে বহি খেল উপভোগ কৰাৰ সুবিধা আছে ৷

এই বৃহত্তম ষ্টেডিয়ামখনৰ জৰিয়তে আহমেদাবাদক ক্ৰিকেটৰ মানচিত্ৰত অন্তৰ্ভুক্ত কৰাৰ লগতে ষ্টেডিয়ামখনত ফুটবল,হকী,বাস্কেটবল,কাবাডী,বক্সিং,লন টেনিছ,এথলেটিক ট্ৰেক, স্কোয়াছ, বিলিয়াৰ্ডছ, বেডমিণ্টন, সাঁতোৰ আৰু অন্যান্য কেইবাটাও খেলৰ ব্যৱস্থা কৰাৰ সম্ভাৱনা আছে৷

ম’টেৰা ষ্টেডিয়াম সম্পৰ্কে কিছু আকৰ্ষণীয় তথ্যঃ
গুজৰাট ক্ৰিকেট অধিকাৰীৰ মতে,নৱ নিৰ্মিত ম’টেৰা ষ্টেডিয়ামখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এটা সপোন আছিল ৷ এই ষ্টেডিয়ামখন পোনপ্ৰথমে ‘গুজৰাট ষ্টেডিয়াম’ নামেৰে নামাকৰণ কৰা হৈছিল যদিও পিছত মহান স্বতন্ত্ৰতা সেনানী চৰ্দাৰ বল্লৱভাই পেটেলক শ্ৰদ্ধাঞ্জলি জনাই ষ্টেডিয়ামখনৰ নাম ‘চৰ্দাৰ পেটেল ষ্টেডিয়াম’ নামেৰে নামাংকৃত কৰা হয়৷ পূৰ্বতে BCCIয়ে কোৱা অনুসৰি,ম’টেৰা ষ্টেডিয়ামৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ পিছত,এই ক্ৰিকেট ষ্টেডিয়ামখন মাটিকালিৰ ফালৰ পৰা বিশ্বৰ বৃহত্তম ক্ৰিকেট ষ্টেডিয়ামৰূপে জনাজাত হ’ব আৰু ষ্টেডিয়ামখনত 1,10,000 দৰ্শকে বহি খেল উপভোগ কৰিব পাৰিব৷

ইফালে উত্তৰ কোৰিয়াৰ প্যংয়াঙত অৱস্থিত ৰুংগ্ৰাডো মে দে ষ্টেডিয়ামখনত 1,14,000 খন আসন উপলব্ধ আৰু আসনৰ ফালৰ পৰা এই ষ্টেডিয়ামখন বিশ্বৰ সৰ্ববৃহৎ ষ্টেডিয়াম হিচাপে পৰিচিত ৷

অৰ্থ ব্যয় আৰু ডিজাইনৰ ফালৰ পৰা ম’টেৰা ষ্টেডিয়ামখন মুঠ 63 একৰ মাটিত নিৰ্মাণ কৰা হৈছে ৷ ষ্টেডিয়ামখন নিৰ্মাণত প্ৰায় 8 বিলিয়ন টকা ব্যয় হৈছে ৷ ষ্টেডিয়ামখনৰ পূৰ্ণবিকাশৰ বাবে গুজৰাট ক্ৰিকেট সন্থাই প্ৰধান স্থপতি পপ্যুলাছ, প্ৰকল্প পৰিচালনা পৰামৰ্শদাতা STUP পৰামৰ্শদাতা আৰু বিকাশকাৰী L&Tৰ পদক্ষেপ গ্ৰহণ কৰে ৷

ষ্টেডিয়ামখন এনেদৰে নিৰ্মাণ কৰা হৈছে যে,দৰ্শকে ষ্টেডিয়ামৰ ভিতৰৰ যিকোনো স্থানৰ পৰা গোটেই ষ্টেডিয়ামখন দেখা পাব ৷ এই ষ্টেডিয়ামখনৰ অন্য এক গুৰুত্বপূৰ্ণ বৈশিষ্ট হৈছে, গ্ৰাউণ্ডখনত সামান্য ফ্লাডলাইটৰ পৰিৱৰ্তে LED লাইটৰ সুব্যৱস্থা আছে৷ ভাৰতবৰ্ষৰ নিজৰ ফালৰ পৰা ক্ৰিকেটৰ ক্ষেত্ৰখনত এয়া প্ৰথমটো ডিজাইন ৷ লগতে ষ্টেডিয়ামখনত জুই নিৰ্বাপনৰো ব্যৱস্থা কৰা হৈছে ৷ ষ্টেডিয়ামখনৰ চাদত ভূমিকম্পৰ গতিবিধিৰ অনুমান পাবলৈ ব্যৱস্থা কৰা হৈছে, যাৰ দ্বাৰা ভূমিকম্প ৰোধৰ উপায়ৰো ব্যৱস্থা আছে ৷ ম’টেৰা ষ্টেডিয়ামত প্ৰায় 60,000 লোক একেলগে চলাচলৰ সুবিধাৰ্থে এটি বিশাল ৰেম্পৰ আয়োজন কৰা হৈছে ৷ মুম্বাইস্থিত বাণিজ্যিক ৰান্ধনী সংস্থা ‘স্পান এছিয়া’ক সকলো L&T সম্বন্ধিত ক্ষেত্ৰ যেনে- মুখ্য ষ্টেডিয়ামৰ ৰন্ধনশাল,খেলুৱৈসকলৰ ৰন্ধনশাল, VIP/VVIP বক্স, কৰ্প’ৰেট বক্স, প্ৰেছ আৰু মিডিয়া বক্স, GCA ক্লাৱ আৰু ষ্টেডিয়ামৰ কাষৰীয়া অঞ্চলৰ দায়িত্ব বহন কৰে৷চৰ্দাৰ বল্লৱভাই পেটেল ষ্টেডিয়ামত দুখন সৰু ষ্টেডিয়াম, 75 টা বাতানুকুল বাকচ আৰু GCA সদস্যসকলৰ বাবে এটা ক্লাৱ ঘৰসহ এখন মুখ্য ক্ৰিকেট গ্ৰাউণ্ডৰ ব্যৱস্থা কৰা হৈছে৷

ম’টেৰা ষ্টেডিয়ামৰ সুবিধাসমূহঃ
ষ্টেডিয়ামখনত বিশ্বস্তৰীয় সুবিধাসহ 4টা ড্ৰেচিং ৰুম আৰু খেলুৱৈৰ বাবে অন্য ৰুমো নিৰ্মাণ কৰা হৈছে৷ মুখ্য গ্ৰাউণ্ডৰ বাহিৰত অন্য কিছুমান বিশেষ সুবিধাও দিয়া হৈছে৷ তাৰ ভিতৰত এটা অলিম্পিক আকাৰৰ চুইমিং পুল, ইনদোৰ ক্ৰিকেট একাডেমী, বেডমিণ্টন আৰু টেনিছ ক’ৰ্ট, স্কোৱাছ ক্ষেত্ৰ, টেবল টেনিছ ক্ষেত্ৰ, 3D প্ৰজেক্টৰ থিয়েটাৰ আৰু 3 খন অনুশীলন গ্ৰাউণ্ডৰ বাবে এটা ক্লাৱ ঘৰ নিৰ্মাণ কৰা হৈছে৷ এই ক্লাৱ ঘৰটোত মুঠ 55 টা কোঠা আছে৷ ইয়াৰোপৰি ষ্টেডিয়ামত ৰেষ্টোৰা, ব্যায়ামশালা আৰু পাৰ্টী ক্ষেত্ৰৰো নিৰ্মাণ কৰা হৈছে৷ ম’টেৰা ষ্টেডিয়ামত বিকলাংগসকলক বেলেগে সুবিধা প্ৰদানৰ ব্যৱস্থা কৰিছে৷ পূৰ্বতে ষ্টেডিয়ামৰ প্ৰৱেশ পথ এটাই আছিল যদিও নতুনকৈ আকৌ দুটা প্ৰৱেশ পথ নিৰ্মাণ কৰিছে৷ ভৱিষ্যতে প্ৰৱেশ পথ তিনিটাৰ এটা পথত মেট্ৰ’ ৰে’ল সংযোগ কৰা হ’ব৷

ম’টেৰা ষ্টেডিয়ামৰ ইতিহাসঃ
1982 চনত গুজৰাটৰ সবৰমতী নদীৰ পাৰত গুজৰাট চৰকাৰে 100 একৰ ভূমি প্ৰদান কৰাৰ পিছত চৰ্দাৰ বল্লৱভাই পেটেল ষ্টেডিয়ামখনে অস্তিত্ব লাভ কৰে৷ বিখ্যাত স্থপতি শশী প্ৰভুৱে পোনপ্ৰথমে ষ্টেডিয়ামখনৰ কাম আৰম্ভ কৰিছিল৷ তেওঁ 9 মাহৰ ভিতৰত ষ্টেডিয়াম নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিছিল৷ ম’টেৰা ষ্টেডিয়ামত 2006 চনত চেম্পিয়নছ ট্ৰফীৰ প্ৰাকক্ষণত 3 খন নতুন পিটছ আৰু এখন নতুন আউটফিল্ড নিৰ্মাণ কৰা হৈছিল৷ 1984 চনত পোনপ্ৰথমবাৰৰ বাবে এইখন ষ্টেডিয়ামত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ প্ৰথমখন এদিনীয়া মেচ অনুষ্ঠিত হৈছিল ৷ এইখন ষ্টেডিয়ামতে 2011 চনৰ ক্ৰিকেট বিশ্বকাপৰ Q/Fত ভাৰতে অষ্ট্ৰেলিয়াৰ জয়লাভ কৰিবলৈ সক্ষম হৈছিল আৰু ভাৰতীয় ক্ৰিকেটাৰ যুৱৰাজ সিঙে আটাইতকৈ ভাল প্ৰদৰ্শন দেখুৱাইছিল ৷

চৰ্দাৰ বল্লৱভাই পেটেল ষ্টেডিয়ামত মাইলছষ্টোন অৰ্জনঃ
1986-87 বৰ্ষত এইখন ষ্টেডিয়ামত ভাৰতীয় ক্ৰিকেটাৰ সুনীল গাভাস্কাৰে টেষ্ট মেচত পাকিস্তানৰ বিৰুদ্ধে 10,000 ৰাণ সংগ্ৰহ কৰিছিল৷1983-84 বৰ্ষত টেষ্ট মেচৰ প্ৰথম ইনিংছত 9 টা উইকেট সংগ্ৰহ কৰা ভাৰতীয় বলাৰ কপিল দেৱে ছাৰ ৰিচৰ্ড হেডলীৰ ৰেকৰ্ডক পিছ পেলাই মুঠ 482 টা টেষ্ট উইকেট সংগ্ৰহেৰে বিশ্বৰ সৰ্বাধিক টেষ্ট উইকেট সংগ্ৰহকাৰীৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছিল ৷
মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰে 1999 চনৰ অক্টোবৰত টেষ্ট মেচত নিউজিলেণ্ডৰ বিৰুদ্ধে অকলেই দ্বি-শতক ৰাণ সংগ্ৰহ কৰিছিল ৷ তাৰোপৰি এইখন ষ্টেডিয়ামতেই শচীন তেণ্ডুলকাৰে 2011 চনৰ ক্ৰিকেট বিশ্বকাপৰ জৰিয়তে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়া খেলত 18,000 ৰাণ সংগ্ৰহকাৰী প্ৰথম ক্ৰিকেটাৰৰ খ্যাতি অৰ্জন কৰিছিল ৷ এইখন ষ্টেডিয়ামতেই 2008 বৰ্ষত এ বি ডিৱিলিয়াৰ্ছে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত হোৱা দ্বিতীয়খন টেষ্ট খেলৰ জৰিয়তে ভাৰতৰ বিৰুদ্ধে প্ৰথম দ্বি-শতক ৰাণ অৰ্জন কৰিছিল ৷
লগতে পঢ়কঃবান্দৰে সুৰক্ষা দিব ড'নাল্ড ট্ৰাম্পক!