ETV Bharat / bharat

দুদিনীয়া ভ্ৰমণসমূচীৰে ওমানত উপস্থিত বৈদেশিক পৰিক্ৰমাৰ ৰাজ্যিক মন্ত্ৰী ভি মুৰলীধৰণ - ভি মুৰলীধৰণৰ ওমান ভ্ৰমণ

দুদিনীয়া ভ্ৰমণসমূচীৰে ওমানত উপস্থিত বৈদেশিক পৰিক্ৰমাৰ ৰাজ্যিক মন্ত্ৰী ভি মুৰলীধৰণ ৷ ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে প্ৰকাশ কৰা এক বিবৃতি অনুসৰি এই ভ্ৰমণকালত তেখেতে ওমানৰ বৈদেশিক মন্ত্ৰীৰ সৈতে এক বৈঠকত মিলিত হ’ব ৷

MoS MEA to visit Oman from Dec 16-17; focus on issues related to Indian community
দুদিনীয়া ভ্ৰমণসমূচীৰে ওমানত উপস্থিত বৈদেশিক পৰিক্ৰমাৰ ৰাজ্যিক মন্ত্ৰী ভি মুৰলীধৰণ
author img

By

Published : Dec 16, 2020, 4:46 PM IST

নেশ্যনেল ডেস্ক,16 ডিচেম্বৰ : বুধবাৰে দুদিনীয়া ভ্ৰমণসমূচীৰে ওমানত উপস্থিত হয় বৈদেশিক পৰিক্ৰমাৰ ৰাজ্যিক মন্ত্ৰী ভি মুৰলীধৰণ ৷ এই ভ্ৰমণকালত ওমানৰ জ্যেষ্ঠ মন্ত্ৰীসকলৰ সৈতে ওমানত থকা ভাৰতীয় লোকসকলৰ বিভিন্ন সমস্যা সন্দৰ্ভত আলোচনাত মিলিত হ’ব মন্ত্ৰীগৰাকী ৷ বৈদেশিক পৰিক্ৰমা আৰু সংসদীয় পৰিক্ৰমাৰ ৰাজ্যিক মন্ত্ৰী হিচাপে ওমানলৈ এইটো তেখেতৰ প্ৰথমটো ভ্ৰমণ কাৰ্যসূচী ৷

ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে প্ৰকাশ কৰা এক বিবৃতি অনুসৰি এই ভ্ৰমণকালত তেখেতে ওমানৰ বৈদেশিক মন্ত্ৰীৰ সৈতে এক বৈঠকত মিলিত হ’ব ৷ ইয়াৰ উপৰিও তেখেতে ভাৰতীয় সম্প্ৰদায়ৰ Broad Cross Section আৰু Oman-India Friendship Associationৰ সৈতে মত বিনিময় কৰিব ৷ নিজৰ ভ্ৰমণ কালত ভি মুৰলীধৰণে বিভিন্ন দ্বি-পাক্ষিক বিষয়, ধৰ্মীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়ৰ ওপৰত আলোচনা কৰিব ৷

ওমানত মুঠ 6 লাখ ভাৰতীয় লোক আছে ৷ আৰু এই ভাৰতীয় লোকসকলৰ সমস্যা সমূহৰ বিষয়ে আলোচনা কৰাটোৱে তেখেতৰ মূল উদ্দেশ্য ৷

উল্লেখ্য যে, ক’ভিড 19 মহামাৰীৰ সময়ছোৱাতো ভাৰত আৰু ওমান এই দুয়ো দেশে একতৃতভাৱে কাম কৰিছিল ৷ বন্দে ভাৰত অভিযানৰ জৰিয়তে ভাৰত চৰকাৰে ওমানত থকা ভাৰতীয় লোকসকল উভটাই অনাাৰ ব্যৱস্থা কৰিছিল ৷ সমান্তৰালকৈ ভাৰতে ইয়াৰ ওপৰতো গুৰুত্ব প্ৰদান কৰিছিল যাতে ওমানত খাদ্য আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰীৰ সৰবৰাহ সুচাৰুৰূপে পৰিচালিত হয় ৷

ইয়াৰ উপৰিও Air Bubble অভিযানৰ জৰিয়তে ক’ভিড 19ৰ সময়ত দুয়ো দেশৰ মাজত অব্যাহত আছিল বিমান চলাচল ৷ শেহতীয়াভাৱে ওমান চৰকাৰে ভাৰতীয় লোকসকলৰ ওমান ভ্ৰমণৰ ক্ষেত্ৰত 10 দিনলৈ ভিছা ৰেহাই প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে ৷

লগতে পঢ়ক-মুখৰ মাস্ক আঁতৰাই শিশু হাস্পতালৰ স্বাস্থ্য বিধি উলংঘন মেলানিয়া ট্ৰাম্পৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.