গুৱাহাটী, 21 এপ্ৰিল: প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ দিছপুৰ সৰুমটৰীয়াৰ বাসগৃহৰ এটা অংশৰ ভাৰাতীয়া হিচাপে আছে প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিং । সেই সূত্ৰে দিছপুৰৰ ভোটদাতা হিচাপে তেওঁ বিগত প্ৰায় দুটা দশক ধৰি দিছপুৰ সমষ্টিতেই ভেটদান কৰি আহিছে । এইবাৰো তাৰ ব্যতিক্ৰম নহ'ব । ২৩ এপ্ৰিলৰ দুপৰীয়া ভোট দিবলৈ বুলি গুৱাহাটীত আহি উপস্থিত হ’ব ডঃ মনমোহন সিং । ২৩ এপ্ৰিলৰ দিনৰ ১২.৩০ বজাত বৰঝাৰ পাবহি প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকী ৷ বৰঝাৰৰ পৰা পোনে পোনে আহিব দিছপুৰৰ ভোটকেন্দ্ৰলৈ ৷ ভোটাধিকাৰ সাব্যস্ত কৰি ডঃ সিং যাব তেওঁৰ সৰুমটৰীয়াৰ ভাৰাঘৰলৈ ৷ সন্ধিয়া ৭ বজাত উভতি যাব দিল্লীলৈ ৷ প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ আগমনৰ বাবে ইতিমধ্যে চাফ চিকুণ কৰি তোলা হৈছে তেওঁৰ ভাড়াঘৰ । কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত ৰখা হৈছে তেওঁ ভোটাধিকাৰ সাব্যস্ত কৰিবলগীয়া ভোটকেন্দ্ৰটোও ৷
গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ গুৱাহাটীলৈ আহিব ডঃ মনমোহন সিং - ডঃ মনমোহন সিং
২৩ এপ্ৰিলত নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ গুৱাহাটীলৈ আহি আছে এগৰাকী VVIP। এইগৰাকী VVIP ক আদৰিবলৈ নতুনকৈ চুণ তেল সানি সজাই তোলা হৈছে তেওঁৰ ঘৰ । তেওঁ ভোটদান কৰিবলগীয়া ভেটকেন্দ্ৰটোতো মোতায়েন কৰা হৈছে বৃহৎ সংখ্যক নিৰাপত্তা বাহিনী ৷ ভোটদান কৰিবলৈ গুৱাহাটীলৈ আহি আছে ডঃ মনমোহন সিং ৷ ২৩ এপ্ৰিলত ভোটদান কৰিব প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ দিছপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কৰিব ভোটদান ৷ কটকটীয়া নিৰাপত্তাৰ মাজত সাজু কৰি তোলা হৈছে ভোটকেন্দ্ৰটো ৷