ETV Bharat / bharat

মোডী-ট্ৰাম্পৰ আলোচনাত ভাৰত-চীন সীমান্তৰ প্ৰসংগ !

author img

By

Published : Jun 3, 2020, 12:24 AM IST

নৰেন্দ্ৰ মোডী আৰু ড'নাল্ড ট্ৰাম্পৰ মাজত টেলিফোনিক আলোচনা ৷ বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ৰ আলোচনা কৰে দুয়োগৰাকী নেতাই ৷ চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে এই তথ্য ৷

modi trump discuss about indo china border issue

নিউজ ডেস্ক, 2 জুন : ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ মাজত মংগলবাৰে অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ বৈঠক ৷ এই বৈঠকত ভাৰত-চীনৰ সীমা সমস্যা, জৰ্জ ফ্লয়েডৰ মৃত্যুকে আদি কৰি কেইবাটাও বিষয়ৰ ওপৰত পৰ্যালোচনা কৰা হয় ৷

টেলিফোনযোগে হোৱা এই সাক্ষাৎ অনুষ্ঠানত ৰাষ্ট্ৰপতি ট্ৰাম্পে আমেৰিকাত অনুষ্ঠিত হ'বলগীয়া জি-7 সন্মিলনৰ বাবে নৰেন্দ্ৰ মোডীক আমন্ত্ৰণ জনায় ৷ চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে এই তথ্য ৷

প্ৰধানমন্ত্ৰী মোডীয়ে ট্ৰাম্পৰ দুৰদৰ্শী আৰু সৃষ্টিশীল পদ্ধতিৰ প্ৰশংসা কৰে ৷ মোডীয়ে কয় যে, প্ৰস্তাৱিত শীৰ্ষ সন্মিলনৰ সাফল্য নিশ্চিত কৰাৰ বাবে আমেৰিকা অথবা আন দেশসমূহৰ সৈতে সহযোগিতাৰে কাম কৰিবলৈ পালে ভাৰত সুখী হ'ব ৷

আমেৰিকাত অব্যহত থকা অস্থিৰতা সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী মোডীয়ে ৷ ইয়াৰ লগতে এই সমস্যাৰ দ্ৰুত সমাধানৰ বাবেও ৰাষ্ট্ৰপতি ট্ৰাম্প শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পেও অনান্য আনুসাংগিক বিষয়ত মত-বিনিময় কৰে ৷ দুয়োখন দেশৰ ক'ভিড-19ৰ সমস্যা, ভাৰত-চীন সীমান্ত সমস্যা তথা বিশ্ব স্বাস্থ্য সংস্থা পুনৰ গঠনৰ প্ৰয়োজনীতা সন্দৰ্ভত আলোচনা কৰে দুয়োজনে ৷

লগতে পঢ়ক : চীনা সীমান্তত বন্ধ নহয় নিৰ্মাণকাৰ্যঃ বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্বন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.