নিউজ ডেস্ক, 23 ডিচেম্বৰ: সমগ্ৰ ভাৰতবৰ্ষত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থকাৰ সময়তেই বিজেপি নেতা শিৱৰাজ চৌহানৰ বিস্ফোৰক মন্তব্য ৷ পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশৰ পৰা পলায়ন কৰা লোকসকল, যিসকলে ধৰ্মীয় উৎপীৰণৰ সন্মুখীন হৈ আছে সেইসকলৰ বাবে নৰেন্দ্ৰ মোডীক ভগৱান আখ্যা নেতাগৰাকীৰ ৷
পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশত ধৰ্মীয় উৎপীড়নৰ বলি হৈ 2014 চনৰ 31 ডিচেম্বৰৰ আগতে ভাৰতলৈ শৰণাৰ্থী হিচাপে অহা লোকসকলৰ বাবে এই আইনখন ৰূপায়ন কৰাৰ বাবে মোডীক ধন্যাবাদ জ্ঞাপন কৰে বিজেপি দলৰ নেতাগৰাকীয়ে ৷ মধ্য প্ৰদেশত এখন জনসভাত অংশগ্ৰহণ কৰি এই মন্তব্য মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ ৷
এই সংখ্যালঘু হিন্দু আৰু আন সম্প্ৰদায়ৰ লোকসকলে পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশত উৎপীৰণৰ সন্মুখীন হ'বলগীয়া হৈছে ৷ তেওঁলোকৰ ওপৰত নানা অত্যাচাৰ চলোৱা হয় ৷ মাতৃয়ে তেওঁলোকক জন্ম দিছে কিন্তু নৰেন্দ্ৰ মোডীয়ে ভগৱানৰ দৰে অত্যাচাৰৰ পৰা উদ্ধাৰ কৰিছে তেওঁলোকক ৷ এই বুলি নাগৰিকত্ব সংশোধনী আইনক সমৰ্থন কৰি এই মন্তব্য কৰে নেতাগৰাকীয়ে ৷