ETV Bharat / bharat

অৰ্থনীতি পুনৰুদ্ধাৰত বিফল হৈছে মোডী : তৃণমূল কংগ্ৰেছ - অৰ্থনীতি পুনৰুদ্ধাৰত বিফল হৈছে মোডী : তৃণমূল কংগ্ৰেছ

তৃণমূল কংগ্ৰেছৰ নেতা তথা সাংসদ সৌগাতা ৰয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক লকডাউনৰ সময়সীমা বৃদ্ধি কৰাক লৈ সমালোচনা কৰা পৰিলক্ষিত হয় ৷

অৰ্থনীতি পুনৰুদ্ধাৰত বিফল হৈছে মোডী : তৃণমূল কংগ্ৰেছ

author img

By

Published : Apr 15, 2020, 11:34 AM IST

নিউজ ডেস্ক, 15 এপ্ৰিলঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শেহতীয়াকৈ ঘোষণা কৰা সিদ্ধান্তই লকডাউনৰ সময়সীমা 3 মে’লৈকে বৃদ্ধি কৰিলে ৷ কিন্তু দেশবাসীক উদ্দেশ্যি কৰা সম্বোধনত প্ৰধানমন্ত্ৰীয়ে বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ত মন্তব্য কৰাৰ পৰা বিৰত থকা পৰিলক্ষিত হয় ৷ দেশৰ অৰ্থনীতিৰ মন্দাৱস্থাৰ সময়ত লকডাউন বৃদ্ধিৰ সিদ্ধান্তই এই পৰিস্থিতি অধিক জটিল কৰি তুলিব বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীক সমালোচনা কৰে তৃণমূল কংগ্ৰেছৰ নেতা তথা সাংসদ সৌগাতা ৰয়ে ৷

লগতে পঢ়কঃ COVID-19 ৰ বাবে ধ্বংসস্তূপত পৰিণত ইকোৱাডৰ

দেশৰ অৰ্থনীতি পুনৰ উদ্ধাৰৰ বাবে প্ৰধানমন্ত্ৰীয়ে এতিয়ালৈকে কোনো ঘোষণা কৰা নাই ৷ কোভিড-19 মহামাৰীৰ সময়ত দেশবাসীক একত্ৰিত হৈ থাকিবলৈ আহ্বান জনাইছে যদিও কৃষক,দুখীয়া শ্ৰেণী আৰু দিনক দিনে হ্ৰাস পোৱা ভাৰতীয় অৰ্থনীতিৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীয়ে কোনোধৰণৰ প্ৰস্তাৱ নাইবা সিদ্ধান্তৰ বিষয়ে প্ৰকাশ কৰা নাই ৷ আনহাতে আগন্তুক 3 মে’লৈকে লকডাউন বৃদ্ধি কৰাৰ ফলত অৰ্থনীতিৰ সমস্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা স্পষ্ট হৈ পৰিছে ৷ কৃষিখণ্ড অথবা অন্যান্য খণ্ডসমূহৰ সুস্থিৰতা সন্দৰ্ভত কিধৰনে দেশক আগবঢ়াই নিয়া হ’ব নাইবা কি সিদ্ধান্ত গ্ৰহণ কৰিলে দেশৰ অৰ্থনীতিত এক সুস্থিৰতা আহিব তাক লৈয়ো প্ৰধানমন্ত্ৰীয়ে এতিয়ালৈকে কোনো ৰ'ডমেপৰ বিষয়ে প্ৰকাশ কৰা নাই ৷ যিটোৱে অনাগত সময়ত দেশত অধিক সমস্যাৰ সৃষ্টি কৰিব ৷ এইক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী চূড়ান্তৰূপে ব্যৰ্থ হৈছে বুলি কয় তৃণমূল কংগ্ৰেছৰ নেতা তথা সাংসদ সৌগাতা ৰয়ে ৷

লগতে পঢ়কঃ 155 মিলিয়ন আমেৰিকান ডলাৰৰ প্ৰতিৰক্ষা সামগ্ৰী ভাৰতক বিক্ৰীৰ অনুমতি আমেৰিকাৰ

উল্লেখ্য যে, মাৰ্চৰ 25 তাৰিখৰ পৰা 14 এপ্ৰিললৈকে ঘোষণা কৰা হৈছিল প্ৰথম পৰ্যায়ৰ ৰাষ্ট্ৰীয় লকডাউন ৷ কিন্তু ইয়াৰ পিচতেই প্ৰধানমন্ত্ৰী মোডীয়ে পুনৰ আগন্তুক 3 মে’লৈকে লকডাউন বঢ়াই দিয়াৰ কথা ঘোষণা কৰে ৷ এই ঘোষণাত কৃষক,কৃষিজাত সামগ্ৰী,প্ৰব্ৰজনকাৰী শ্ৰমিক আদি বিষয়ত প্ৰধানমন্ত্ৰীয়ে কোনোধৰণৰ ঘোষণা নকৰিলে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.