ETV Bharat / bharat

উত্তৰ প্ৰদেশত গণ প্ৰহাৰৰ সন্মুখীন আৰক্ষী - Mob attacks cops

শনিবাৰে নিশা ডানৰ আলাপুৰ এলেকাৰ কাকৰালা গাঁৱত সংঘটিত হয় গণ প্ৰহাৰৰ ঘটনা ৷ গণ প্ৰহাৰৰ সন্মুখীন হয় এটা আৰক্ষীৰ দল ৷

উত্তৰ প্ৰদেশত গণ প্ৰহাৰৰ সন্মুখীন আৰক্ষী

author img

By

Published : Oct 25, 2020, 3:58 PM IST

নেশ্যনেল ডেস্ক, 25 অক্টোবৰ: বুডানৰ আলাপুৰ এলেকাৰ এখন গাঁৱত এটা আৰক্ষীৰ দল সন্মুখীন হয় গণ প্ৰহাৰৰ ৷ গণ প্ৰহাৰৰ ফলত গুৰুতৰভাৱে আহত হয় এগৰাকী কনিষ্টবল ৷ সেই গাঁৱত সংঘটিত এক গুলিয়াগুলীৰ খবৰ ল'বলৈ গৈ গণ প্ৰহাৰৰ সন্মুখীন হয় দলটো ৷ শনিবাৰে নিশা কাকৰালা গাঁৱত সংঘটিত হয় এই ঘটনা ৷

গুলিয়াগুলীৰ খবৰ পোৱাৰ পাচতে কনিষ্টল, অশোক ভাদুৰীয়া আৰু অ'.পি সিং গাঁওখনলৈ যায় ৷ যাৰ পাচত একাংশ লোকে তেওঁলোকক ইটা, লাঠি আদিৰে প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে ৷ প্ৰহাৰৰ ফলত ভাদুৰীয়া গুৰুতৰভাৱে আহত হয় আৰু প্ৰহাৰ কৰা লোকসকলে দুয়োগৰাকী কনিষ্টবলৰ পৰা তেওঁলোকৰ অস্ত্ৰ-শস্ত্ৰ কাঢ়ি নিয়ে ৷

পৰৱৰ্তী সময়ত আৰক্ষীৰ জ্যেষ্ঠ বিষয়া সকল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ এগৰাকী জ্যেষ্ঠ বিষয়াই জানিবলৈ দিয়া অনুসৰি, কনিষ্টবল কেইগৰাকীৰ পৰা কাঢ়ি নিয়া ৰাইফলকেইটা উদ্ধাৰ কৰাৰ লগতে ঘটনা সন্দৰ্ভত দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে ৷ ঘটনাৰ সৈতে সম্পৰ্কিত আন কেইজন লোককো গ্ৰেপ্তাৰৰ চেষ্টা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ আহত কনিষ্টবল গৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে; লগতে সম্প্ৰতি তেওঁৰ অৱস্থা কিছু উন্নত হোৱা বুলিও জানিবলৈ দিয়ে জ্যেষ্ঠ বিষয়া গৰাকীয়ে ৷

লগতে পঢ়ক: হিন্দুত্ব হৈছে দেশৰ সাৰমৰ্ম : মোহন ভাগৱত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.