ETV Bharat / bharat

ত্ৰিপুৰাৰ পৰা সামগ্ৰী আনিবলৈ প্ৰৱেশ দ্বাৰ মুকলি কৰিব মিজোৰামে - কৰ'ণা ভাইৰাছ সংক্ৰমণ

লক ডাউনৰ সময়ত বন্ধ কৰা হৈছিল সকলো আন্তঃ ৰাজ্যিক সীমান্ত । এতিয়া ত্ৰিপুৰাৰ পৰা অত্যাৱশ্যকীয় আৰু অনা-অত্যাৱশ্যকীয় সামগ্ৰী আমদানিৰ বাবে ৰাজ্যখনে মুকলি কৰিব সীমান্তৰ প্ৰৱেশ দ্বাৰ ।

ত্ৰিপুৰাৰ পৰা সামগ্ৰী আনিবলৈ প্ৰৱেশ দ্বাৰ মুকলি কৰিব মিজোৰামে

author img

By

Published : May 4, 2020, 11:49 AM IST

নিউজ ডেস্ক, 4 মে': কৰ'ণা ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে এমাহৰো অধিক পূৰ্বে মিজোৰামে বন্ধ কৰি দিছিল সকলো আন্তঃৰাজ্যিক সীমান্ত। কিন্তু এতিয়া ত্ৰিপুৰাৰ পৰা অত্যাৱশ্যকীয় আৰু অনা-অত্যাৱশ্যকীয় সামগ্ৰী আমদানিৰ বাবে ৰাজ্যখনে মুকলি কৰিব সীমান্তৰ প্ৰৱেশ দ্বাৰ । এক চৰকাৰী সূত্ৰই প্ৰকাশ কৰে এই কথা ।

মিজোৰাম ৰাজ্য চৰকাৰে মিজোৰাম-ত্ৰিপুৰা সীমান্তৰ কাহমুন চেক পইণ্ট মুকলি কৰাৰ সিদ্ধান্ত লৈছে । অত্যাৱশ্যকীয় আৰু অনা-অত্যাৱশ্যকীয় সকলো সামগ্ৰী অনা হ'ব এই চেক পইন্টেৰে ।

মিজোৰামে মুঠ 284 কিঃমিঃ সীমান্ত ভগাই আছে অসম, মণিপুৰ, মেঘালয় আৰু ত্ৰিপুৰাৰ সৈতে । আনহাতে 722 কিঃমিঃ আন্তঃৰাষ্ট্ৰীয় সীমান্ত বংলাদেশ আৰু ম্যানমাৰৰ সৈতে ভগাই আছে ।

কেন্দ্ৰই ঘোষণা কৰা লক ডাউনৰ সময়সীমা বৃদ্ধি কৰা হৈছে 17 মে'লৈ । এই সময়চোৱাত আন্তঃৰাজ্যিক সীমান্ত বন্ধ থকাৰ কথা ঘোষণা কৰিছিল কেন্দ্ৰীয় চৰকাৰে ।

উল্লেখ্য যে, মিজোৰামত এজন লোক অক্ৰান্ত হৈছে COVID-19ত। বৰ্তমান জ'ৰাম চিকিৎসা মহাবিদ্যালয়ত লোকজনৰ চিকিৎসা চলি আছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.