ETV Bharat / bharat

উদাৰতাৰ প্ৰতীক 95 বছৰীয়া পি নাখ্​লীয়ানীয়ে প্ৰধানমন্ত্ৰীলৈ আগবঢ়ালে এমাহৰ পেঞ্চন - month's pension to fight against Corona virus Pi Nghakliani (95) w/o Pu Lalrinliana (L) Ex-MLA;

মহামাৰী কৰ'ণা ভাইৰাচৰ বাবে সমগ্ৰ দেশতে ফেচ মাস্ককলৈ হাহাকাৰ হোৱাৰ সময়তে জনসাধাৰণক সহায় কৰিবলৈ ওলাই আহিছে প্ৰাক্তন বিধায়ক স্বৰ্গীয় পু লালৰিনলিয়ানৰ পত্নী পি নাখ্​লীয়ানী ৷ স্বাস্থ্য মন্ত্ৰণালয়ৰ নিৰ্দেশ অনুসৰি বেচৰকাৰী সংস্থা তথা আত্মসহায়ক গোট সমূহে কাপোৰেৰে অহৰহ ফেচ মাস্ক বনাই থকা কাৰ্যক কেন্দ্ৰই উৎসাহ যোগাইছে , সেই সময়তে অদম্য উৎসাহেৰে দেশবাসীক সংকটত পৰা মুক্ত কৰিবলৈ একক প্ৰচেষ্টা চলাই গৈছে মহিলাগৰাকীয়ে ৷

পি নাখ্​লীয়ানী
পি নাখ্​লীয়ানী
author img

By

Published : Apr 11, 2020, 8:37 PM IST

Updated : Apr 11, 2020, 10:04 PM IST

নিউজ ডেস্ক, 11 এপ্ৰিলঃ মহিলাগৰাকী 95 বছৰীয়া পি নাখ্​লীয়ানী ৷ COVID 19 ৰ বিৰুদ্ধে সমগ্ৰ বিশ্বই যুঁজ দি থকাৰ সময়তে সন্তপৰ্ণে নিজৰ নাগৰিক ধৰ্ম পালন কৰিছে মিজোৰামৰ বাসিন্দা পি নাখ্​লীয়ানীয়ে ৷ দৰাচলতে বিশ্ববাসীৰ স্বাৰ্থত প্ৰধানমন্ত্ৰীৰ সাহাৰ্য পুঁজীলৈ এমাহৰ পেঞ্চন অনুদান দিয়ে পি নাখ্লীয়ানীয়ে ৷ ইমানেই নহয় 95 বছৰীয়া মহিলাগৰাকীয়ে ঘৰতে একাধিক ফেচ মাস্ক বনাই প্ৰয়োজন থকা সকলৰ মাজত বিতৰণ কৰে ৷

মহামাৰী কৰ'ণা ভাইৰাচৰ বাবে সমগ্ৰ দেশতে ফেচ মাস্ককলৈ হাহাকাৰ হোৱাৰ সময়তে জনসাধাৰণক সহায় কৰিবলৈ ওলাই আহিছে প্ৰাক্তন বিধায়ক স্বৰ্গীয় পু লালৰিনলিয়ানৰ পত্নী পি নাখ্​লীয়ানী ৷ স্বাস্থ্য মন্ত্ৰণালয়ৰ নিৰ্দেশ অনুসৰি বেচৰকাৰী সংস্থা তথা আত্মসহায়ক গোট সমূহে কাপোৰেৰে অহৰহ ফেচ মাস্ক বনাই থকা কাৰ্যক কেন্দ্ৰই উৎসাহ যোগাইছে ৷ সেই সময়তে অদম্য উৎসাহেৰে দেশবাসীক সংকটত পৰা মুক্ত কৰিবলৈ একক প্ৰচেষ্টা চলাই গৈছে মহিলাগৰাকীয়ে ৷

পি নাখ্​লীয়ানী
পি নাখ্​লীয়ানী

পি নাখ্​লীয়ানীৰ নাতি বোৱাৰী জোথাংচাঙ্গীয়ে জনাই যে, COVID 19 ৰ বিৰুদ্ধে যুঁজ দি থকা প্ৰতিজন লোকৰ বাবে নিজ ক্ষমতা অনুযায়ী কিবা এটা কৰাৰ হেপাঁহ মিজোৰামৰ পি নাখ্​লীয়ানীৰ ৷ সেয়ে, অৱশেষত স্বামীৰ নামত পোৱা এমাহৰ পেঞ্চন 14,500 টকা প্ৰধানমন্ত্ৰীৰ সাহাৰ্য পুঁজীলৈ আগবঢ়াই দি উদাৰতাৰ পৰিচয় দিয়ে মহিলাগৰাকীয়ে ৷

ইতিমধ্যে আইজলৰ এখন হাস্পতালৰ চিকিৎসক আৰু নাৰ্ছক 30 খনকৈ ফেচ মাস্ক বিতৰণ কৰিছে বয়োজ্যেষ্ঠ পি নাখ্​লীয়ানীয়ে ৷ এসময়ত পেশাগতভাৱে চিলাইৰ কাম কৰা মহিলাগৰাকীয়ে বৰ্তমান ৰাইজৰ সুৰক্ষাৰ খাতিৰত ফেচ মাস্ক বনাবলৈ পুনৰ নিজৰ মেচিনটোৰ কাষ চাপিছে ৷

পি নাখ্​লীয়ানী
পি নাখ্​লীয়ানী

আনহাতে, সহৃদয়বান পি নাখ্​লীয়ানীৰ এই প্ৰচেষ্টাক অবিশ্বাস্য আখ্যা দি তেওঁৰ শলাগ লয় মিজোৰামৰ মুখ্যমন্ত্ৰী জৰমাথাংগাই ৷

Last Updated : Apr 11, 2020, 10:04 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.