নিউজ ডেস্ক, ১৪ জুলাইঃ ৫ জুলাই অৰ্থাৎ বৃহস্পতিবাৰৰ পৰা নিখোজ হৈ থকা গ্ৰেটাৰ নয়ডাৰ এজন ব্যৱসায়ী মৃতদেহ উদ্ধাৰ কৰে গ্যাং কানেলত । যাৰ বাবে ব্যৱসায়ী গৰাকীৰ হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে ব্যৱসায়ী গৰাকীৰ দুজন বন্ধুক । সোমবাৰে এই কথা সদৰি কৰে আৰক্ষীয়ে ।
আৰক্ষীৰ ভাষ্য অনুসৰি,আদিত্য চোনী নামৰ ব্যৱসায়ীজনে বিগত ৫ জুলাইত এজন আত্মীয়ক সাক্ষাৎ কৰাৰ বাবে ওমনিক্ৰন-১ চেক্টৰস্থিত বাসগৃহৰ পৰা ওলাই আহে । তাৰ পাচৰ পৰাই ঘৰলৈ উভতি অহা নাই ব্য়ৱসায়ী আদিত্য চোনী । তাৰ পাচতে চোনীৰ মাতৃয়ে সোমবাৰে গোচৰ ৰুজু কৰে স্থানীয় আৰক্ষী থানাত । লগতে মাতৃয়ে পুত্ৰ আদিত্যক শেষবাৰৰ বাবে বন্ধু দেব ভাটী আৰু পংকজ ভাটীৰ লগত প্ৰত্যক্ষ কৰা বুলিও মত প্ৰকাশ কৰে ।
আনহাতে, মাতৃৰ গোচৰৰ পাচতে দুই ভাতৃ তথা আদিত্য চোনীৰ বন্ধু দেব ভাটী আৰু পংকজ ভাটীক সোধপোছ কৰাৰ লগতে তদন্ত অব্যাহত ৰাখে । আৰক্ষীৰ তদন্তৰ অন্ততে দুয়োগৰাকী ভাতৃৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ব্যৱসায়ী আদিত্য চোনীৰ চাৰিচকীয়া বাহনৰ লগতে সোণৰ গহনা আৰু ম'বাইল ফোন । ব্যৱসায়ী গৰাকীৰ এই সামগ্ৰী দুয়ো ভাতৃৰ পৰা উদ্ধাৰ হোৱাৰ পাচতে গ্ৰেপ্তাৰ কৰে দুয়ো ভাতৃক । আৰু তাৰ পাচতে আদিত্য চোনীৰ লগত পংকজ ভাটীৰ কাজিয়া হৈ ব্যৱসায়ী গৰাকীক হত্যা কৰে বুলি স্বীকাৰ কৰে দুই ভাতৃয়ে ।
লগতে চাওকঃ বাইকো নাচঘৰ নিৰ্মাণ বিতৰ্ক সন্দৰ্ভত মুখ খুলিলে ৰিংমিলা হোজাইয়ে