ETV Bharat / bharat

গুৱাহাটীৰ উদ্যোগপতিক কৰ্ণাটকত বিনিয়োগৰ বাবে আহ্বান জগদীশ চেট্টাৰৰ - 14 ফেব্ৰুৱাৰীত হুব্বাল্লী-ধাৰৱাড অঞ্চলত এই অনুষ্

‘Invest Karnataka Hubballi 2020’ত বিনিয়োগৰ বাবে অসমৰ বিনিয়োগকাৰীক আহ্বান জনাইছে গুৰু আৰু মধ্যমীয়া উদ্যোগ মন্ত্ৰী জগদীশ চেট্টাৰে ৷ 14 ফেব্ৰুৱাৰীত হুব্বাল্লী-ধাৰৱাড অঞ্চলত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে ৷

গুৱাহাটীৰ উদ্যোগপতিক কৰ্ণাটকত বিনিয়োগৰ বাবে আহ্বান
গুৱাহাটীত জগদীশ চেট্টাৰ
author img

By

Published : Feb 4, 2020, 8:08 PM IST

নেশ্যনেল ডেস্ক, 4 ফেব্ৰুৱাৰী : গুৰু আৰু মধ্যমীয়া উদ্যোগ মন্ত্ৰী জগদীশ চেট্টাৰে মঙলবাৰে গুৱাহাটীৰ এটা FMCG চেক্টৰত উপস্থিত ‘Invest Karnataka Hubballi 2020’ত বিনিয়োগৰ বাবে ব্যৱসায়ী আৰু উদ্যোগপতি সকলক আহ্বান জনায় ৷

গুৱাহাটীৰ উদ্যোগপতিক কৰ্ণাটকত বিনিয়োগৰ বাবে আহ্বান
গুৱাহাটীত জগদীশ চেট্টাৰ

উদ্যোগ বিভাগৰ বহুকেইজন বিষয়াৰ সৈতে উপস্থিত থকা মন্ত্ৰীগৰাকীয়ে 14 ফেব্ৰুৱাৰীত হুব্বাল্লী-ধাৰৱাড অঞ্চলত অনুষ্ঠিত হ'বলগা ‘Invest Karnataka Hubballi 2020’ উপস্থিত হৈ সকলোকে বিনিয়োগৰ বাবে আমন্ত্ৰণ জনায় ৷

ব্যৱসায়ী আৰু বিনিয়োগকাৰীৰ সৈতে মত বিনিময় কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, মুখ্যমন্ত্ৰী বি. এছ. য়েডিয়ুৰাপ্পা নেতৃত্বাধীন কৰ্ণাটক চৰকাৰে ৰাজ্যখনক বিনিয়োগকাৰীৰ বাবে বন্ধুত্বপূৰ্ণ ৰাজ্য হিচাপে গঢ় দিয়াৰ প্ৰচেষ্টা হাতত লৈছে ৷ সেয়েহে নতুন উদ্যোগিক নীতিকো এনেদৰেই গঢ়ি তোলাৰ চেষ্টা কৰা হৈছে ৷ হুব্বাল্লী-ধাৰৱাড অঞ্চলৰ লগতে ৰাজ্যৰ অন্য স্থানসমূহো বিনিয়োগকাৰীৰ বাবে বন্ধুত্বপূৰ্ণ অঞ্চল হিচাপে ইতিমধ্যে পৰিগণিত হৈছে ৷ FMCG খণ্ডত বৰ্দ্ধিত ব্যৱসায়ৰ বাবে চৰকাৰে প্ৰয়োজনীয় সকলো সা-সুবিধা প্ৰদান কৰিছে ৷

উন্নয়নশীল আৰু অনুন্নত চহৰসমূহৰ উদ্যোগপতি সকলক ব্যৱসায়ৰ ক্ষেত্ৰত উদ্বুদ্ধ কৰি তুলিবৰ বাবে বিভিন্ন ধৰণৰ আঁচনি আৰম্ভ কৰা হৈছে ৷ আগন্তুক ‘Invest Karnataka Hubballi 2020’ এইক্ষেত্ৰত এক বৃহৎ পদক্ষেপ বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷

গুৱাহাটীৰ বিনিয়োগকাৰীক আমন্ত্ৰণ জনোৱাৰ লগতে উত্তৰ কৰ্ণাটকত থকা পৰ্যাপ্ত পৰিমাণৰ সা-সুবিধাসমূহ গ্ৰহণ কৰিবলৈ মন্ত্ৰী চেট্টাৰে আহ্বান জনায় ৷

উল্লেখ্য যে, কৰ্ণাটক চৰকাৰে ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বৰ জৰিয়তে উদ্যোগিক খণ্ডৰ বিকাশৰ বাবে নতুন নীতি আৰম্ভ কৰিছে ৷

তেওঁ কয় যে, কৰ্ণাটকৰ জিডিপি হৈছে US $216 বিলিয়ন আৰু বাৰ্ষিকভাৱে 9.6 % কৈ ইয়াৰ বৃদ্ধি হৈ আহিছে ৷ আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰে উৎপাদন কৰিব পৰাকৈ ৰাজ্য চৰকাৰে সকলোৰে বাবে প্ৰতিযোগিতামূলক পৰিৱেশ প্ৰদান কৰিছে ৷ বিদেশৰ পৰা বিনিয়োগ লাভৰ ক্ষেত্ৰত দেশৰ তিনিখন শীৰ্ষ ৰাজ্যৰ ভিতৰত অন্যতম হৈছে কৰ্ণাটক আৰু 2018-19 চনত ৰপ্তানিৰ ক্ষেত্ৰত ই দ্বিতীয় স্থান অধিকাৰ কৰিছিল ৷ অটোম'বাইল, বৈদুত্যিক বাহন, বিমান আৰু প্ৰতিৰক্ষা, ইঞ্জিনিয়াৰিং আৰু মেছিন সামগ্ৰী, বৈদুত্যিক যন্ত্ৰ, তথ্য আৰু প্ৰযুক্তিবিদ্যা আৰু জৈৱ প্ৰযুক্তিবিদ্যাৰ বাবে ৰাজ্যখন প্ৰখ্যাত ৷ বিশ্ব বেংকৰ মতেও বাংগালুৰু হৈছে বিনিয়োগৰ ক্ষেত্ৰত দেশৰ ভিতৰতে চতুৰ্থ শ্ৰেষ্ঠ চহৰ ৷

কৰ্ণাটকৰ হুব্বাল্লীত বিনিয়োগ অনুষ্ঠানৰ উপৰিও চৰকাৰে 3 নৱেম্বৰৰ পৰা 5 নৱেম্বৰলৈ বাংগালুৰুত আয়োজন কৰিছে 'Global Investors’ Summit, Invest Karnataka 2020' ৷ গুৱাহাটীত ব্যৱসায়ীসকলৰ সৈতে মত বিনিময় কৰা সময়ত এই কথা জানিবলৈ দিয়ে মন্ত্ৰী জগদীশ চেট্টাৰে ৷

আৰু পঢ়ক : বাজেট 2020 : কি পালে পূৰ্বোত্তৰে ?

---------- Forwarded message ---------
From: Ravi S <ravi.s@etvbharat.com>
Date: Tue, Feb 4, 2020 at 4:40 PM
Subject: Fwd: PRESS NOTE & PHOTOS - INVEST KARNATAKA HUBBALLI: MINISTER JAGADISH SHETTAR INVITES GUWAHATI INDUSTRIALISTS.
To: Kannada Desk <kannadadesk@etvbharat.com>, Shravankumar N <shravankumar.n@etvbharat.com>, Mrinal Das <mrinal.das@etvbharat.com>

Dear Sir/Madam,
Greetings..!

Minister for Large and Medium Industries Jagadish Shettar visited FMCG sector in Guwahati to obtain information about establishing the cluster and invite investors for ‘Invest Karnataka Hubballi 2020,’ today. 

The Minister, along with officials from Industries Department, is on a visit to Guwahati to invite the industrialists to the investors’ meet in Hubballi which is slated to held on 14 February and invest in Hubballi-Dharwad regions. 

COO of Invest Karnataka Forum Swaroopa TK and other officials were part of the delegation.

Here with this mail I have attached the press  note & Photos. 

Thanks & Regards

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.