ETV Bharat / bharat

ছত্তীসগড় গেছ নিৰ্গমন : মিল অপাৰেটক গ্ৰেপ্তাৰ, পলাতক স্বত্বাধিকাৰী

ৰাইগড় কাগজ কলত গেছ নিৰ্গমন ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ মিল অপাৰেটৰ ৷ বৰ্তমানেও পলাতক অৱস্থাত স্বত্বাধিকাৰী ৷

author img

By

Published : May 9, 2020, 9:44 AM IST

মিল অপাৰেটক গ্ৰেপ্তাৰ, পলাতক স্বত্বাধিকাৰী
ছত্তীসগড় গেছ নিৰ্গমন

নেশ্যনেল ডেস্ক, 9 মে' : 6 মে'ত ছত্তীসগড়ৰ ৰাইগড়ৰ এক কাগজ কলত গেছ নিৰ্গমন হোৱাৰ ফলত চিকিৎসাধীন হৈছিল 7 জনকৈ লোক ৷ এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত শুকুৰবাৰে গ্ৰেপ্তাৰ কৰা হৈছে মিল অপাৰটেৰক ৷ হত্যাৰ চক্ৰান্ত কৰাৰ সন্দেহত এক গোচৰ ৰুজু কৰি মিল অপাৰেটৰজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷

উল্লেখ্য যে, এটা ৰিচাইক্লিং চেম্বাৰ পৰিস্কাৰ কৰাৰ সময়ত 'শক্তি পাল্প এণ্ড পেপাৰছ' নামৰ কাগজ কলটোত গেছ নিৰ্গমন হোৱাত মিল অপাৰেটৰ সহ 7 জনকৈ লোক চিকিৎসাধীন হ'ব লগা হৈছিল ৷

এই সম্পৰ্কত পেছুৱাৰ আৰক্ষী থানাৰ এজন জ্যেষ্ঠ বিষয়াই মন্তব্য কৰে, "মিলৰ অপাৰেটৰ ৰঞ্জিত সিঙে চিকিৎসালয়ৰ পৰা মুক্তি লাভ কৰাৰ পাচতে গ্ৰেপ্তাৰ কৰা হৈছে ৷ বৃহস্পতিবাৰে নিশা তেওঁ আৰু ফেক্টৰীৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডাবিধি আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল ৷"

তেওঁ লগতে কয়, "ফেক্টৰীৰ স্বত্বাধিকাৰীজন পলাতক অৱস্থাত ৷ নিকটৱৰ্তী আৰক্ষী থানাত এই গুৰুতৰ ঘটনা সম্পৰ্কত ততাতৈয়াকৈ অৱগত নকৰাৰ বাবে সঞ্জীৱনী হাস্পতালক এক জাননী জাৰি কৰা হৈছে ৷"

ৰাইগড়ৰ উদ্যোগিক স্বাস্থ্য আৰু সুৰক্ষা বিভাগৰ উপ-প্ৰন্ধক এম. কে. শ্ৰীবাস্তৱে কয় যে, চেম্বাৰ পৰিস্কাৰ কৰাৰ সময়ত কৰ্মচাৰীসকলক সুৰক্ষা সঁজুলি প্ৰদান কৰা নাছিল আৰু সেই সময়ত কোনো প্ৰশিক্ষিত তদাৰককাৰী উপস্থিত নাছিল ৷

উল্লেখ্য যে, এই ঘটনাৰ পাচতে ফেক্টৰীটো ছীল কৰা হৈছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.