ETV Bharat / bharat

শ্ৰীনগৰত আৰক্ষীৰ দলক আক্ৰণক অচিনাক্ত সন্তাসবাদীৰ, 2জন আৰক্ষী নিহত

author img

By

Published : Aug 14, 2020, 11:45 AM IST

শুকুৰবাৰে পুৱা 9.15 বজাত শ্ৰীনগৰৰ নওগাম বাইপাছৰ কাষত আৰক্ষীৰ দলৰ ওপৰত অতৰ্কিতে গুলিবৰ্ষণ কৰে অচিনাক্ত দুৰ্বৃত্তই ৷ এই আক্ৰমণত দুজনকৈ আৰক্ষী নিহত হোৱাৰ বিপৰীতে গুৰুতৰভাৱে আহত হৈছে এজন আৰক্ষী ৷

Militants attack police party in Srinagar, two injured
শ্ৰীনগৰত আৰক্ষীৰ দলক আক্ৰণক অচিনাক্ত সন্তাসবাদীৰ

নেশ্যনেল ডেক্স,14 আগষ্টঃ মধ্য কাশ্মীৰৰ শ্ৰীনগৰ জিলাত স্বাধীনতা দিৱসৰ পূৰ্বে শুকুৰবাৰে অচিনাক্ত সন্ত্ৰাসবাদীয়ে আৰক্ষীৰ দলৰ ওপৰত আক্ৰমণ চলায় ৷ আৰক্ষীয়ে জনোৱা অনুসৰি শুকুৰবাৰে পুৱা 9.15 বজাত নওগাম বাইপাছৰ কাষত আৰক্ষীৰ দলৰ ওপৰত অতৰ্কিতে গুলিবৰ্ষণ কৰে অচিনাক্ত সন্ত্ৰাসবাদীয়ে ৷

এই আক্ৰমণত তিনিজনকৈ আৰক্ষী আহত হয় ৷ আহত আটাইকেইগৰাকী আৰক্ষীকে ততাতৈয়াকৈ ওচৰৰ হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও ইয়াৰে দুজন আৰক্ষীৰ মৃত্যু হোৱা বুলি জানিবলৈ দিছে এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই ৷ নিহত আৰক্ষী দুগৰাকী ইশফাক আহমেদ আৰু ফয়াজ আহমেদ বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক-ৰাঁচীত চীপ লোৱা অৱস্থাত উদ্ধাৰ পিটিআইৰ জ্যেষ্ঠ সাংবাদিকৰ মৃতদেহ

সম্প্ৰতি সমগ্ৰ অঞ্চলজুৰি নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে আৰু আক্ৰমণকাৰীক বিচাৰি উলিওৱাৰ বাবে অভিযান আৰম্ভ কৰা হৈছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.