ETV Bharat / bharat

প্ৰব্ৰজিত শ্ৰমিকৰ সমস্যাৰ বিস্ফোৰণ ঘটিব : ILO ৰ সতৰ্কবাণী

ILO’s Conditions of Work and Equality Department ৰ সঞ্চালক মানুয়েলা টোমেই কয়, "এয়া সংকটৰ মাজতে আন এটা সংকট ৷"

author img

By

Published : Jun 27, 2020, 2:22 PM IST

COVID-19 আৰু ইয়াৰ ফলত ঘোষণা কৰা লক ডাউন
প্ৰব্ৰজিত শ্ৰমিকৰ সমস্যাৰ বিস্ফোৰণ ঘটিব : ILO ৰ সতৰ্কবাণী

নেশ্যনেল ডেস্ক, 27 জুন : COVID-19 আৰু ইয়াৰ ফলত ঘোষণা কৰা লক ডাউনৰ ফলত সৰ্বাধিক প্ৰভাৱান্বিত হৈছে প্ৰব্ৰজিত শ্ৰমিকসকল ৷ এই সময়ছোৱাত বহু শ্ৰমিকে কৰ্মৰত স্থানৰ পৰা নিজ নিজ অঞ্চললৈ ঘূৰি আহিছে ৷ তেওঁলোকে কৰ্ম সংস্থাপনো হেৰুৱাব লগা হৈছে ৷ সেয়েহে দীৰ্ঘম্যাদী নিৱনুৱা সমস্যা আৰু দৰিদ্ৰতাৰ সন্মুখীন হ'বলগা হৈছে ৷

আনহাতে, বিদেশত কৰ্মৰত বহু লোক সেই দেশসমূহতে আৱদ্ধ হৈ থাকিব লগা হোৱাৰ লগতে সামাজিক সুৰক্ষা তথা অৰ্থৰ অভাৱত ভূগিব লগা হৈছে ৷ হাতত কৰ্মসংস্থাপন থকাসকলেও কম পৰিমাণে মজুৰি লাভ কৰিছে আৰু অসুৰক্ষিত অনুভৱ কৰিছে ৷

ILO’s Conditions of Work and Equality Department ৰ সঞ্চালক মানুয়েলা টোমেই কয়, "এয়া সংকটৰ মাজতে আন এটা সংকট ৷"

তেওঁ লগতে কয়, "আমি জানো যে, মিলিয়নৰ ঘৰত এনে শ্ৰমিক আছে যিসকলে লক ডাউনৰ বাবে অন্য দেশত আৱদ্ধ হৈ থাকিব লগা হৈছে যিহেতু তেওঁলোকে কৰ্ম সংস্থাপন আৰু আশ্ৰয় হেৰুৱাই পেলাইছে ৷ তেওঁলোক নিজ নিজ দেশলৈ প্ৰত্যাৱৰ্তন কৰিব বিচাৰিছে যদিও সেই দেশসমূহৰ অৱস্থাও বৰ্তমান তথৈবচ ৷"

ৰাষ্ট্ৰসংঘৰ এক ৰিপোৰ্ট অনুসৰি, বিশ্বৰ অৰ্থনীতিৰ মূল চালিকা শক্তি হিচাপে পৰিগণিত সূক্ষ্ম আৰু মধ্যমীয়া উদ্যোগসমূহ ভয়াবহভাৱে প্ৰভাৱাম্বিত হোৱাৰ লগতে কিছু সংখ্যক উদ্যোগে কেতিয়াও উত্থান ঘটাবলৈ সক্ষম নহ'ব ৷ উন্নয়নশীল দেশসমূহত বাস কৰা লোকসকলে অধিক সংকটৰ সন্মুখীন হ'ব লাগিব বুলিও আশংকা কৰা হৈছে ৷

অনানুষ্ঠানিক অৰ্থনীতিৰ সৈতে কাম কৰি থকা প্ৰায় 2 বিলিয়ন লোকে কৰ'ণা সংকটৰ প্ৰথমটো মাহতে 60 শতাংশ পৰ্যন্ত আয় পতন দেখিবলৈ পাইছে ৷

আন্তৰাষ্ট্ৰীয় শ্ৰমিক সংগঠনৰ (ILO) মতে, বিশ্বৰ বিভিন্ন স্থানত প্ৰায় 164 মিলিয়ন প্ৰব্ৰজিত শ্ৰমিক আছে আৰু ইয়াৰে প্ৰায় আধা সংখ্যকেই মহিলা ৷ এয়া বিশ্বৰ সৰ্বমুঠ শ্ৰমিকৰ 4.7 শতাংশ ৷

গৱেষণাত এই কথাও প্ৰকাশ পাইছে যে, নিজ দেশলৈ প্ৰত্যাৱৰ্তন কৰা প্ৰব্ৰজিত শ্ৰমিকসকলে মহামাৰীৰ অন্ত পৰাৰ পাচতে নিজৰ দেশলৈ কিমান কৌশল আৰু প্ৰতিভা কঢ়িয়াই আনিব পাৰে সেয়াও গুৰুত্বপূৰ্ণ হ'ব ৷ ইয়াৰ ফলত প্ৰব্ৰজিত শ্ৰমিকসকলৰ নিজ দেশৰ অৰ্থনীতিৰ শ্ৰীবৃদ্ধি হ'ব বুলিও গৱেষণাটোত আশা প্ৰকাশ কৰা হৈছে ৷

লগতে পঢ়ক : চীনা কমিউনিষ্ট পাৰ্টিৰ কৰ্মকৰ্তাৰ ওপৰত ভিচা নিষেধাজ্ঞা আমেৰিকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.