ETV Bharat / bharat

Menstrual Hygiene Day: শ্ৰমিক ৰে'লত মহিলা সকলৰ মাজত পেড বিতৰণ - বিশেষ শ্ৰমিক ৰে'লত যাত্ৰা কৰা সকলো মহিলা যাত্ৰী

উত্তৰ প্ৰদেশৰ ভাৰতীয় ৰে'লৱেৰ একাংশ মহিলা কৰ্মচাৰীয়ে প্ৰসংসনীয় পদক্ষেপ গ্ৰহণ কৰি বিশেষ শ্ৰমিক ৰে'লত যাত্ৰা কৰা মহিলা সকলৰ মাজত মুৰাদাবাদ ৰে'লৱে ষ্টেচনত বিতৰণ কৰে চেনিটাৰী পেড ।

শ্ৰমিক ৰে'লত মহিলা সকলৰ মাজত পেড বিতৰণ
শ্ৰমিক ৰে'লত মহিলা সকলৰ মাজত পেড বিতৰণ
author img

By

Published : May 29, 2020, 3:33 PM IST

উত্তৰ প্ৰদেশ, 29 মে': আজি মাহেকীয়া ঋতুচক্ৰ স্বচ্ছতা দিৱস । এই দিৱসৰ উপলক্ষে বৃহস্পতিবাৰে উত্তৰ প্ৰদেশৰ মুৰাদাবাদত ৰে'লৱেত কৰ্মৰত মহিলা কৰ্মচাৰীৰ গোট এটাৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰিলে । তেওঁলোকে শ্ৰমিক ৰে'লত মহিলা যাত্ৰী সকলৰ মাজত চেনিটাৰী পেড বিতৰণ কৰে ।

এই মহিলা কৰ্মচাৰীৰ গোটে, লক ডাউনৰ সময়ত চৰকাৰে প্ৰৱজক শ্ৰমিক সকলক নিজ ৰাজ্যলৈ উভতাই নিবলৈ ব্য়ৱস্থা কৰা বিশেষ শ্ৰমিক ৰে'লত যাত্ৰা কৰা সকলো মহিলা যাত্ৰীৰ মাজত মুৰাদাবাদ ৰে'লৱে ষ্টেচনত বিতৰণ কৰে চেনিটাৰী পেড । মহিলা সকলে ঋতুচক্ৰ চলি থকাৰ সময়ত লবলগীয়া সাবধানতা আৰু স্বচ্ছতা সম্পৰ্কে সজাগতা বৃদ্ধিৰ লক্ষৰে পেড সমূহ বিতৰণ কৰে ।

ৰে'লৱে হাস্পতালৰ মহিলা ৰোগ বিশেষজ্ঞ ডাক্তৰ সুষমা ৰথীয়ে কয় যে, বৰ্তমান সময়তো ঋতু চক্ৰৰ সময়চোৱাত লবলগীয়া সাবধানতা আৰু স্বচ্চতাৰ ক্ষেত্ৰত বহু মহিলা সচেতন নহয় । সেয়ে তেওঁলোকক এই ক্ষেত্ৰত জ্ঞান বৃদ্ধি কৰাটো প্ৰয়োজনীয় ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.