নেশ্যনেল ডেস্ক, 3 অক্টোবৰ : 15 জুনত ইষ্টাৰ্ন লাডাখৰ গালৱান উপত্যকাত চীনৰ সৈন্যৰ সৈতে সংঘৰ্ষত প্ৰাণ হেৰুওৱা 20 ভাৰতীয় জোৱানৰ স্মাৰক নিৰ্মাণ কৰা হয় ৷ লাডাখৰ দুৰ্বাক, শিয়ক আৰু দৌলত বেগ অল্ডি অঞ্চলক সংলগ্ন কৰা পোষ্ট 120 ত নিৰ্মাণ কৰা হৈছে এই স্মাৰক ৷
এই স্মাৰকত উল্লেখ কৰা হৈছে যে, কৰ্ণেল বাবুৰ নেতৃত্বত সেনা বাহিনীয়ে সাহসেৰে যুঁজি চীনা বাহিনীৰ বিস্তৰ ক্ষতিসাধন কৰিছিল ৷ যুঁজত ভাৰতৰ 20 জন বীৰ 'শ্বহীদ' হৈছিল ৷
এই স্মাৰকত 20 জন জোৱানৰ নাম উল্লেখ কৰা হৈছে ৷ এই জোৱানসকলৰ নাম দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকতো খোদিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতীয় স্থল সেনাই ৷
17 ছেপ্তেম্বৰত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সংসদত কৈছিল যে, এই সংঘৰ্ষ সম্পৰ্কত ভাৰতীয় সেনাই ধৈৰ্য আৰু সাহসৰ প্ৰমাণ দিছে ৷ তেওঁ কয়, "আমাৰ সেনা ধৈৰ্য, সাহস আৰু পৰাক্ৰমৰ জীৱিত প্ৰতীক ৷"
লগতে পঢ়ক : উত্তৰ প্ৰদেশত পুনৰ নাবালিকা ধৰ্ষণ