ETV Bharat / bharat

পিএনবি কেলেংকাৰীঃ উঠাই লোৱা হ'ব মেহুলৰ এণ্টিগুৱাৰ নাগৰিকত্ব

author img

By

Published : Jun 26, 2019, 12:15 PM IST

বুধবাৰে এই কথা প্ৰকাশ কৰে এণ্টিগুৱাৰ প্ৰধানমন্ত্ৰী গাষ্টন ব্ৰউনে

পিএনবি কেলেংকাৰীঃ উঠাই লোৱা হ'ব মেহুলৰ এণ্টিগুৱাৰ নাগৰিকত্ব

নতুন দিল্লী,26 জুনঃ দেশ কঁপাই যোৱা পাঞ্জাৱ নেশ্যনেল বেংকৰ 13500 কোটি টকীয়া ঋণ কেলেংকাৰীৰ অভিযুক্ত হীৰা ব্যৱসায়ী মেহুল চৌক্সীৰ পৰা উঠাই লোৱা হ'ব এণ্টিগুৱাৰ নাগৰিকত্ব ৷ বুধবাৰে এই কথা প্ৰকাশ কৰে এণ্টিগুৱাৰ প্ৰধানমন্ত্ৰী গাষ্টন ব্ৰউনে ৷

এক বিবৃতিযোগে এই কথা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে লগতে কয় যে,আৰ্থিক অনিয়মৰ অপৰাধৰ সৈতে জড়িত থকা কোনো ব্যক্তিকে এণ্টিগুৱা চৰকাৰে নিৰাপত্তা নিদিয়ে ৷ কিন্তু দেশখনৰ নাগৰকিত্ব উঠাই লোৱাৰ পূৰ্বে মেহুল চৌক্সীক আইনগত ভাৱে নিজৰ স্থিতি ব্যক্ত কৰিবলৈ সুযোগ দিয়া হ'ব বুলিও উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

লগতে, চৌক্সীৰ আত্মপক্ষ সমৰ্থন কৰাৰ অধিকাৰ আছে বুলি ভাৰতক অৱগত কৰাৰ লগতে পিএনবি কেলেংকাৰীৰ আইনী প্ৰক্ৰিয়া শেষ নোহোৱা পৰ্যন্ত এই ঘটনাত হস্তক্ষেপ নকৰে বুলি উল্লেখ কৰে এণ্টিগুৱাৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.