নেশ্যনেল ডেস্ক, ১৫ ডিচেম্বৰ: পিপুলছ ডেম'ক্ৰেটিক পাৰ্টীৰ অধ্যক্ষ মেহবুবা মুফটিয়ে দলীয় নেতা হাজি পাৰভেজৰ ওপৰত চলা আক্ৰমণৰ ঘটনাক তীব্ৰ ভাষাৰে নিন্দা কৰে । তেওঁ টুইটযোগে কয় যে, 'জম্মু-কাশ্মীৰৰ প্ৰশাসনে বাওঁপন্থী বিৰোধী নেতাসকলৰ সুৰক্ষা ব্যৱস্থা দুৰ্বল কৰি তেওঁলোকক জটিল পৰিস্থিতিৰ মাজলৈ ঠেলি দিয়াৰ প্ৰয়াস কৰিছে ।' তেওঁ হাজি পাৰভেজৰ পি এছ অ'ৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালটিলৈ সমবেদনা জ্ঞাপন কৰে । আনহাতে, জম্মু-কাশ্মীৰ আৰক্ষীয়ে কয় যে, নাটিপ'ৰা অঞ্চলত হাজি পাৰভেজৰ বাসগৃহত প্ৰৱেশ কৰি সন্ত্ৰাসবাদীয়ে তেওঁৰ পি এছ অ'লৈ লক্ষ্য কৰি গুলীচালনা কৰিছিল ।
-
Strongly condemn the attack on PDPs Haji Parvez.J&K admin has left opposition leaders in a vulnerable position by downgrading their security. Lapses are likely to occur since protection given is inadequate. My heartfelt condolences to Manzoor Ahmed’s family
— Mehbooba Mufti (@MehboobaMufti) December 14, 2020 " class="align-text-top noRightClick twitterSection" data="
">Strongly condemn the attack on PDPs Haji Parvez.J&K admin has left opposition leaders in a vulnerable position by downgrading their security. Lapses are likely to occur since protection given is inadequate. My heartfelt condolences to Manzoor Ahmed’s family
— Mehbooba Mufti (@MehboobaMufti) December 14, 2020Strongly condemn the attack on PDPs Haji Parvez.J&K admin has left opposition leaders in a vulnerable position by downgrading their security. Lapses are likely to occur since protection given is inadequate. My heartfelt condolences to Manzoor Ahmed’s family
— Mehbooba Mufti (@MehboobaMufti) December 14, 2020
ঘটনাৰ পিছতে সংকটজনক অৱস্থাত ব্যক্তিগত সুৰক্ষা বিষয়াগৰাকীক হাস্পতাললৈ প্ৰেৰণ কৰা হয় । হাজি পাৰভেজে প্ৰকাশ কৰা মতে, দুজন অচিনাক্ত দুৰ্বৃত্তই তেওঁৰ বাসগৃহত প্ৰৱেশ কৰিছিল । অস্ত্ৰধাৰী দুৰ্বৃত্তৰে হোৱা গুলীয়াগুলিত তেওঁৰ ব্যক্তিগত সুৰক্ষা বিষয়াগৰাকী গুৰুতৰভাৱে আহত হয় । দুৰ্বৃত্তই তেওঁৰ ঘৰত তৃতীয়বাৰৰ বাবে আক্ৰমণ কৰিছে বুলি মন্তব্য কৰে পিপুলছ ডেম'ক্ৰেটিক পাৰ্টীৰ নেতাগৰাকীয়ে ।
লগতে পঢ়ক:প্ৰখ্যাত এৰ'স্পেছ বৈজ্ঞানিক পদ্ম বিভূষণ ৰোড্ডাম নৰসিমহাৰ দেহাৱসান