ETV Bharat / bharat

দেশৰ প্ৰথমগৰাকী ফাইভ ষ্টাৰ ৰেটেড তৃতীয় লিংগৰ কেব ড্ৰাইভাৰ - five-star-rated cab driver

দেশৰ প্ৰথমগৰাকী ফাইভ ষ্টাৰ ৰেটেড কেব ড্ৰাইভাৰ হিচাপে খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে ৰানী কিন্নৰে ৷ কিন্তু কিয় চৰ্চালৈ আহিছে ৰানী কিন্নৰৰ নাম, চাওঁক আমাৰ এই প্ৰতিবেদন ৷

ফাইভ ষ্টাৰ ৰেটেড তৃতীয় লিংগৰ কেব ড্ৰাইভাৰ
author img

By

Published : Sep 23, 2019, 10:54 PM IST

নিউজ ডেস্ক, 23 চেপ্তেম্বৰঃ এগৰাকী সাধাৰণ কেব চালক, নাম তেওঁৰ ৰানী কিন্নৰ ৷ এই ৰানী কিন্নৰ হৈছে দেশৰ প্ৰথমগৰাকী কেব চালক যিয়ে ফাইভ ষ্টাৰ ৰেটিং পাবলৈ সক্ষম হৈছে ৷ কিন্তু ৰানী কিন্নৰৰ এই যাত্ৰা সাধাৰণ হৈয়ো বহুতৰ বাবেই অসাধাৰণ হিচাপে চিহ্নিত হৈছে ৷ কিয়নো এই ৰানী কিন্নৰেই হৈছে দেশৰ প্ৰথমগৰাকী তৃতীয় লিংগৰ কেব ড্ৰাইভাৰ যিয়ে গাড়ী চলাই নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱাৰ লগতে গ্ৰাহকৰ পৰা ফাইভ ষ্টাৰ ৰেটিং পাবলৈ সক্ষম হৈছে ৷

সকলো সামাজিক বাধা অতিক্ৰম কৰি প্ৰথমে গাড়ীচালনাৰ প্ৰশিক্ষণ আৰু তাৰ পিচতে এটা বহুজাতিক কোম্পানীৰ সৈতে চুক্তিবদ্ধ হয় ৰানী ৷ ৰানীৰ এই যাত্ৰাত সহযোগ কৰে বহুজাতিক পৰিবহন সংস্থা তথা কেব সেৱা আগবঢ়োৱা উবেৰৰ এগৰাকী গাড়ীচালকে ৷ প্ৰথম অৱস্থাত অটোৰিক্সা চলাই জীৱন নিৰ্বাহ কৰা ৰানীয়ে পৰৱৰ্তী সময়ত উবেৰৰ সৈতে গাড়ীচালক হিচাপে চুক্তিবদ্ধ হয় ৷ উৰিষ্যাৰ ভুৱনেশ্বৰ চহৰৰ বাসিন্দা ৰানীয়ে নিজৰ সফলতাৰ বাবে তেওঁ কৰা কষ্ট আৰু ৰাইজৰ সহযোগিতাক শ্ৰেয় দিব বিছাৰে ৷ অন্যান্য তৃতীয় লিংগৰ লোকসকলৰ বিপৰীতে এক সুস্থিৰ আৰু সন্মানীয় জীৱন অতিবাহিত কৰিব বিচৰা ৰানীয়ে এতিয়া নিজাকৈ গাড়ী ক্ৰয় কৰি দিনে নিশাই গ্ৰাহকক হাঁহিমুখে সেৱা আগবঢ়াই আহিছে ৷

দেশৰ প্ৰথমগৰাকী ফাইভ ষ্টাৰ ৰেংকিং পোৱা কেব ড্ৰাইভাৰ

ৰানীৰ সেৱাৰ বাবেই বিগত দিনবোৰত গ্ৰাহকে তেওঁক প্ৰদান কৰে ফাইভ ষ্টাৰ ৰেটিং ৷ ইয়াৰ পিচতে দেশৰ ভিতৰতে প্ৰথমগৰাকী ফাইভ ষ্টাৰ ৰেটিং পাবলৈ সক্ষম হোৱা তৃতীয় লিংগৰ গাড়ীচালকৰ গৌৰৱৰ অধিকাৰী হয় ৰানী কিন্নৰ ৷ 2016 চনত এগৰাকী অটোৰিক্সা চালক হিচাপে কৰ্মজীৱন আৰম্ভ কৰাৰ ৰানীয়ে বহুটো প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল ৷ প্ৰথম অৱস্থাত ৰানীৰ অটোৰিক্সাত বহিবলৈ অমান্তি হৈছিল গ্ৰাহকসকল ৷ গ্ৰাহকৰ পৰা লাভ কৰা তিঁতা--কেঁহা অভিজ্ঞতাই ৰানীৰ উদ্যম বহুগুনে বঢ়াই তুলিছিল আৰু পৰৱৰ্তী সময়ত 2017 চনত উৰিষ্যাৰ বিখ্যাত ৰথ যাত্ৰাৰ সময়ত এম্বুলেন্স চালক হিচাপে স্বেচ্ছাই সেৱা আগবঢ়াইছিল ৷

ৰানীৰ কঠিন যাত্ৰাপথৰ দ্বাৰা অনুপ্ৰানিত হৈ তৃতীয় লিংগৰ বহুটো ব্যক্তিয়ে এতিয়া তেওঁৰ পথ অনুকৰণ কৰিছে ৷ সমাজক এটা নতুন পথৰ সন্ধান দিবলৈ সক্ষম হোৱা ৰানীৰ ষ্টেয়াৰিং যাত্ৰাই আগলৈ বহুটো পথ অতিক্ৰম কৰিব বুলি আশা কৰিছে বহুতেই ৷

Intro:Body:

PKG

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.