ETV Bharat / bharat

কৰ’ণা ভাইৰাছ নিয়ন্ত্ৰণ কৰিবলৈ লোৱা ব্যৱস্থা হ’ব ফলপ্ৰসূঃ ইটালিয়ান ৰাষ্ট্ৰদূত

author img

By

Published : Mar 16, 2020, 9:50 AM IST

৬২ মিলিয়ন জনসংখ্যা থকা ইটালীৰ বিশ্বৰ ভিতৰে অন্যতম অত্যাধুনিক স্বাস্থ্য সেৱাৰ ব্যৱস্থা আছে। এই মহামাৰীত আক্ৰান্তসকলৰ চিকিৎসাৰ বাবে দেশখনৰ পৰীক্ষাগাৰ আৰু চিকিৎসা সেৱাসমূহে দিনে-ৰাতিয়ে কাম কৰি আছে ৷

কৰ’ণা ভাইৰাছ নিয়ন্ত্ৰণ কৰিবলৈ লোৱা ব্যৱস্থা হ’ব ফলপ্ৰসূঃ ইটালিয়ান ৰাষ্ট্ৰদূত
কৰ’ণা ভাইৰাছ নিয়ন্ত্ৰণ কৰিবলৈ লোৱা ব্যৱস্থা হ’ব ফলপ্ৰসূঃ ইটালিয়ান ৰাষ্ট্ৰদূত

যদিও ইটালীত ১০ হাজাৰ কৰ’ণা ভাইৰাছত আক্ৰান্ত লোকৰ লগতে ছশৰো অধিক লোকৰ মৃত্যু হৈছে আৰু এই সংখ্যা ক্ৰমশঃ বৃদ্ধি পাই আছে,দেশখনৰ ভাৰতস্থিত ৰাষ্ট্ৰদূতগৰাকীৰ মতে যিবোৰ অঞ্চলত প্ৰথমতে প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণ কৰা হৈছে সেইবোৰত আক্ৰান্তৰ সংখ্যা কমি আহিছে । কভিড-১৯ৰ উৎপত্তিস্থল চীনৰ বাহিৰে ইটালীতে সৰ্বাধিক লোক এই ভাইৰাছত আক্ৰান্ত আৰু মৃত্যু হৈছে ।

দিল্লীস্থিত জ্যেষ্ঠ সাংবাদিক স্মিতা শৰ্মাৰে ইমেইলযোগে হোৱা এক সাক্ষাৎকাৰ ইটালীৰ ৰাষ্ট্ৰদূত ভিনচেঞ্জো ডি লুচাই এই মহামাৰীক এক গোলকীয় প্ৰত্যাহ্বান বুলি অভিহিত কৰাৰ লগতে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ইটালীয়ে নিজৰ দায়িত্ব পালন কৰা বুলি দাবী কৰে। ভাৰতবৰ্ষই শিক্ষানুষ্ঠান,অনুষ্ঠান-প্ৰতিষ্ঠান বন্ধ কৰা কাৰ্য ফলপ্ৰসূ হ’ব নে আতংকৰ সৃষ্টি কৰিব সেই সম্পৰ্কে সোধা এক প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা বিৰত থাকে ৰাষ্ট্ৰদূকগৰাকী। তেওঁ নিশ্চিতি প্ৰদান কৰি কয় যে ৬২ মিলিয়ন জনসংখ্যা থকা ইটালীৰ বিশ্বৰ ভিতৰে অন্যতম অত্যাধুনিক স্বাস্থ্য সেৱাৰ ব্যৱস্থা আছে। এই মহামাৰীত আক্ৰান্তসকলৰ চিকিৎসাৰ বাবে দেশখনৰ পৰীক্ষাগাৰ আৰু চিকিৎসা সেৱাসমূহে দিনে-ৰাতিয়ে কাম কৰা বুলি তেওঁ জানিবলৈ দিয়ে। চৰকাৰী বিষয়া,কূটনীতিবিদ,ৰাষ্ট্ৰসংঘ বা আন আন্তঃৰাষ্ট্ৰীয় সংস্থা, প্ৰকল্প বা সংস্থাপনৰ লগত জড়িত জৰুৰী ভ্ৰমণৰ বাদে ভাৰতবৰ্ষই ১৫ এপ্ৰিললৈকে সকলো ভিছা বাতিল কৰা পোন্ধৰখন দেশৰ ভিতৰত ইটালী,চীন,কোৰিয়া, ফ্ৰান্স, ইৰান আৰু স্পেইনো আছে । এই মহামাৰীৰ প্ৰাৰ্দুভাৱৰ ফলত এয়াৰ ইণ্ডিয়াই ১৫ মাৰ্চৰ পৰা ২৩ মাৰ্চলৈকে ৰোম আৰু মিলানলৈ বিমান সেৱা বাতিল কৰা বুলি বুধবাৰে ঘোষণা কৰিছে । ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত বুধবাৰে উপস্থিত হোৱা চৰকাৰী বিমান সেৱা প্ৰদানকাৰী সংস্থাটোৰ বিমানখন এক আছুতীয়া স্থানলৈ নিয়া হয় আৰু ভাইৰাছ প্ৰতিৰোধ ব্যৱস্থাৰ অংশস্বৰূপে সকলো যাত্ৰীৰে পৰীক্ষা কৰা হয় । ৰাষ্ট্ৰদূত লুছাই কয় যে কভিড-১৯ এ জনস্বাস্থ্য সংকটৰ লগত মোকাবিলা কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় একতাৰ প্ৰয়োজনীয়তাক প্ৰমাণ কৰিছে ।

Measures To Tackle Corona Virus Will Be Effective : Italian Envoy

প্ৰশ্ন—ইটালীত বৰ্তমান পৰিস্থিতি কেনেধৰণৰ? বাতৰি লাভ কৰা অনুসৰি ভাইৰাছে দেশখন কাবু কৰি পেলাইছে তথা ইটালী আৰু জাপানত পৰিস্থিতিৰ অৱনতি ঘটি আছে ।

ভিনচেঞ্জো ডি লুচাঃ স্বচ্ছতাৰ স্বাৰ্থত ইটালীৰ চৰকাৰে আক্ৰান্ত লোকসকলৰ প্ৰতিটো মুহূৰ্তৰ সংখ্যা বা খবৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জনাই আছে । ইটালীৰ অসামৰিক সুৰক্ষা বিভাগে প্ৰতিদিনে এই খবৰ বা আপডেট যোগান ধৰে । এতিয়ালৈকে সংখ্যবাবোৰ বৃদ্ধি পাই আছে । কিন্তু প্ৰথমতে প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণ কৰা অঞ্চলসমূহত (কডংগো মহানগৰ) আক্ৰান্তৰ সংখ্যা কমি অহাটোও আমি গুৰুত্ব নিদিয়াকৈ থাকিব নালাগে। এই প্ৰতিৰোধ ব্যৱস্থা সম্পূৰ্ণ দেশখনতে পাছলৈ প্ৰসাৰিত কৰা হয় । ইটালিয়ান চৰকাৰে সক্ৰিয়তাৰে সঁহাৰি জনাই অহা কথাটো বিশ্ব স্বাস্থ্য সংস্থা আৰু ইউৰোপিয়ান ইউনিয়নেও স্বীকাৰ কৰিছে । আমি বিশ্বাসী যে যিবোৰ উপায় অৱলম্বন কৰা হৈছে সেইবোৰে শীঘ্ৰে ফলপ্ৰসূতাক প্ৰমাণ কৰিব। কেৱল ইটালীয়েই আক্ৰান্ত দেশ নহয়। এয়া এক গোলকীয় বিষয় আৰু ইটালীয়ে নিজৰ দায়িত্ব পালন কৰি আছে ।

প্ৰশ্ন—এই মুহূৰ্তত পৰ্যাপ্ত পৰীক্ষা কেন্দ্ৰ আৰু চিকিৎসা সেৱা আছে নে?

ভিনচেঞ্জো ডি লুচাঃ এই প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ ইটালীক বিশ্বৰ ভিতৰতে অন্যতম অত্যাধুনিক স্বাস্থ্য সেৱা থকা বুলি ক’ব লাগিব। আমাৰ পৰীক্ষাগাৰ আৰু চিকিৎসা কেন্দ্ৰসমূহে দিনে-নিশাই এই প্ৰত্যাহ্বান নিয়ন্ত্ৰণ কৰিবলৈ কাম কৰি আছে । ইয়াতে মই ক’বলৈ বিচাৰিছো যে যোৱা বৰ্ষত ব্লুমবাৰ্গ গ্লোবেল হেল্থ ইনডেক্সে ইটালীক দ্বিতীয় স্থানত ৰাখিছিল। আনহাতে সৰ্বোচ্চ গড় আয়ুস থকা (৮৩,৪ বছৰ) ইটালীয়েই দ্বিতীয়খন দেশ। লগতে আমাৰ নাগৰিকসকলক বিনামূলীয়া স্বাস্থ্য সেৱা প্ৰদান কৰাৰ বাবে আমি গৌৰৱবোধ কৰো। ইউৰোপিয়ান ইউনিয়নত ভাল স্বাস্থ্যত মহিলাৰ বাবে গড় আয়ুস ৬৪,২ বছৰ আৰু পুৰুষৰ ক্ষেত্ৰত ৬৩,৫ বছৰ । ইটালীত মহিলাৰ বাবে এয়া ৬৭,২ বছৰ আৰু পুৰুষৰ বাবে ৬৭,৬ বছৰ । এয়া আমাৰ স্বাস্থ্যকৰ খাদ্যাভাস,উচ্চমানৰ আৰু নিৰাপদ খাদ্যৰ বাবে ।

প্ৰশ্ন—অলপতে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে আপোনাৰ এক বৈঠক অনুষ্ঠিত হৈছিল । তাত কি কি বিষয়ত আলোচনা কৰা হৈছিল ?

ভিনচেঞ্জো ডি লুচাঃ ইটালীৰ দূতাবাসে মূলতঃ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়,স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় আৰু পৰ্যটন মন্ত্ৰালয়কে ধৰি ভাৰতীয় কৰ্তৃপক্ষৰ সৈতে অবিৰতভাৱে কাম কৰি আহিছে । তেওঁলোকৰ সবল আৰু তাৎক্ষণিক সহযোগিতাৰ বাবে আমি চিৰকৃতজ্ঞ । কিয়নো ইয়াৰ ফলতে আমি সময়মতে সমস্যাবোৰ সমাধান কৰিব পাৰিছো।

প্ৰশ্ন—ইটালীৰ প্ৰধানমন্ত্ৰী গিউছেপ্পে কন্টেয়ে কৈছে যে বাৰ,চেলুন,অত্যাৱশ্যকীয় নোহোৱা প্ৰতিষ্ঠানসমূহ দেশখনত বন্ধ ৰখা হ’ ব । কৰ’ণা ভাইৰাছে ইটালীৰ অৰ্থনীতিত পেলোৱা প্ৰভাৱ সম্পৰ্কে আপুনি মন্তব্য দিব নেকি?

ভিনচেঞ্জো ডি লুচাঃ ইটালীৰ অৰ্থনীতিত কৰ’ণা ভাইৰাছৰ প্ৰভাৱ সম্পৰ্কে মন্তব্য দিবলৈ এতিয়াও সময় হোৱা নাই । জৰুৰীকালীন অৱস্থাই সৃষ্টি কৰা অৰ্থনৈতিক প্ৰতিবন্ধকতা সন্দৰ্ভত চৰকাৰখন সচেতন আৰু চৰকাৰে ইতিমধ্যে এই অপ্ৰত্যাশিত সংকট কালত পৰিয়াল আৰু উদ্যোগসমূহক সহায়ৰ হাত হিচাপে মুঠ ২৫ বিলিয়ন ইউৰো ধন আবণ্টন দিছে ।

প্ৰশ্ন—এই ভাইৰাছৰ বিৰুদ্ধে পৃথিৱীখন একতা আৰু দৃঢ়তাৰে থিয় দিয়া বুলি আপুনি ভাবেনে? বিশ্ব অৰ্থনীতিয়ে কোনবোৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লাগিব?

ভিনচেঞ্জো ডি লুচাঃ কভিড-১৯ অভিজ্ঞতাই আমাক শিকাই আছে যে স্বাস্থ্য হৈছে আটাইতকৈ প্ৰয়োজনীয় গোলীকয় ৰাজহুৱা সম্পদ। বিশ্বজনীন স্বাস্থ্য এক ব্যাপক প্ৰত্যাহ্বানৰ বিষয় হৈ পৰিছে। এই গোলকীয় সমস্যা সমাধান কৰাৰ বাবে আন্তঃৰাষ্ট্ৰীয় একতা আৰু সহযোগিতাৰ বাদে আন কোনো উপায় নাই । এই ক্ষেত্ৰত ইটালীয়ে নিজৰ ভাগৰ দায়িত্ব পালন কৰি আছে ।

প্ৰশ্ন—এই মহামাৰীৰ ফলত দিল্লীস্থিত আপোনাৰ ইটালীৰ দূতাবাসৰ দৈনন্দিন জীৱন আৰু কামকাজত কেনেদৰে প্ৰভাৱ পৰিছে?

ভিনচেঞ্জো ডি লুচাঃ দূতাবাসেও প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিছে । যেনে—১১ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া ইটালিয়ান ৰাষ্ট্ৰীয় দিৱসকে ধৰি বহু ৰাজহুৱা অনুষ্ঠান বাতিল কৰা হৈছে । সকলো ভিছা সাক্ষাৎকাৰ স্থগিত ৰখা হৈছে । পৰিৱেশ নিৰাপদে ৰাখিবলৈ যিমান দূৰ সম্ভৱ আমি পদক্ষেপ গ্ৰহণ কৰিছো।

লেখক—স্মিতা শৰ্মা

লগতে চাওকঃ

COVID-19 সংক্ৰমণৰ আশংকাত জৰুৰীকালীন ব্যৱস্থা গ্ৰহণ মাজুলীত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.