ETV Bharat / bharat

অন্ধ্ৰ প্ৰদেশত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা

বুধবাৰে নিশা অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷ এটা শিল্প উদ্যোগত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনাটো ৷ অগ্নিকাণ্ডত হতাহতি হোৱাৰ খবৰ বৰ্তমানলৈকে লাভ কৰিব পৰা হোৱা নাই ৷

অন্ধ্ৰ প্ৰদেশত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা
অন্ধ্ৰ প্ৰদেশত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা
author img

By

Published : Jan 28, 2021, 7:58 AM IST

নিউজ ডেস্ক,28 জানুৱাৰী: বুধবাৰে নিশা অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমৰ আগনামপুড়ীৰ এপিআইআইচি শিল্প উদ্যানৰ পেৰামাউণ্ট এগ্ৰো উদ্যোগত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । বৰ্তমানলৈকে এই অগ্নিকাণ্ডত কোনো আহত হোৱাৰ খবৰ পোৱা হোৱা নাই । অগ্নিকাণ্ডৰ ফলত চাৰিওফালৰ অঞ্চলত ডাঠ ধোঁৱাই আৱৰি ধৰে,যাৰ বাবে আতংকিত হৈ পৰে অঞ্চটোৰ বাসিন্দাসকল ৷

অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ পাচতে ততাতৈয়াকৈ স্থানীয় লোকে খবৰ দিয়ে অগ্নিনিৰ্বাপক বাহিনীক ৷ অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণ কৰিবলৈ কিছু সময় লাগিছিল যদিও অশেষ চেষ্টাৰ অন্তত নিৰ্বাপন কৰিবলৈ সক্ষম হয় জুই ৷

প্ৰাপ্ত খবৰ অনুসৰি,অগ্নিকাণ্ড সংঘটিত হোৱা স্থানত তেল জমা হৈ আছিল আৰু তাৰ ফলতেই এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ স্থানীয় লোকে প্ৰকাশ কৰা অনুসৰি,ঘটনা সংঘটিত হোৱাৰ সময়ত উক্ত স্থানত উপস্থিত নাছিল কোনো লোক ৷

অন্য এক খবৰৰ বাবে: 50টা বছৰ গৰকিলে অনুৰাধা চিনেপ্লেক্সে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.