ETV Bharat / bharat

হাৰিয়ানাৰ নিজ গাঁৱতে শেষকৃত্য সমাপন হ'ব শ্বহীদ ৰবীন্দ্ৰ কুমাৰৰ

author img

By

Published : Jan 3, 2021, 2:12 PM IST

শুকুৰবাৰে পাকিস্তানীৰ গুলীবৰ্ষণত শ্বহীদ হোৱা সেনা জোৱান ৰবীন্দ্ৰ কুমাৰক ৰাষ্ট্ৰীয় সন্মান প্ৰদৰ্শনেৰে নিজ গাঁৱত জনোৱা হ'ব শেষ শ্ৰদ্ধাঞ্জলী ৷ হাৰিয়ানাৰ ঝাজ্জৰ স্থিত নিজ গাঁৱত জম্মু আৰু কাশ্মীৰৰ নওচেৰা ক্ষেত্ৰত শ্বহীদ হোৱা সেনা জোৱান গৰাকীৰ শেষকৃত্য সমাপন কৰা হ'ব ৷

Martyred jawan to be cremated with state honours today
হাৰিয়ানাৰ নিজ গাঁৱতে শেষকৃত্য সমাপন হ'ব শ্বহীদ ৰবীন্দ্ৰ কুমাৰৰ

নেচনেল ডেস্ক, 3 জানুৱাৰী: জম্মু আৰু কাশ্মীৰৰ নওচেৰা ক্ষেত্ৰত শুকুৰবাৰে পাকিস্তানী গুলীবৰ্ষণত শ্বহীদ হোৱা ভাৰতীয় সেনা জোৱান চুবেদাৰ ৰবীন্দ্ৰ কুমাৰক হাৰিয়ানাৰ ঝাজ্জৰৰ নিজৰ গাঁৱত সম্পূৰ্ণ ৰাষ্ট্ৰীয় সন্মানেৰে শেষ বিদায় জনোৱা হ'ব ৷

শ্বহীদ সেনা জোৱান গৰাকীৰ নশ্বৰ দেহ ঝাজ্জৰ স্থিত প্ৰিয়া কলনিত এক্স চাৰভিচ লিগ অভিচৰ কাৰ্যালয়ত ৰাখি থোৱা হৈছে ৷ জানিব পৰা মতে কালি এই বাতৰি লাভ কৰাৰ পাছতে সমগ্ৰ গাওঁখনতে কান্দোনৰ ৰোল উঠে ৷

বীৰ সেনা জনৰ মৃত্যুৰ খবৰে বিচলিত কৰিলেও কাৰ্গিলৰ যুদ্ধৰ সময়তো দৃষ্টান্তমূলক সাহস প্ৰদৰ্শন কৰা সাহসী সেনাজনৰ ত্যাগক লৈ সকলো গাঁওবাসীয়ে গৌৰৱ অনুভৱ কৰিছে ৷

জানিব পৰা মতে গাঁও পঞ্চায়তৰ ফালৰ পৰা পূৰ্বেও দুগৰাকী সেনা জোৱানৰ অন্তিম সৎকাৰ কৰা থলীতে ৰবীন্দ্ৰকো ৰাজ্যিক সন্মানেৰে শেষ শ্ৰদ্ধা জনোৱাৰ বাবে সিদ্ধান্ত লোৱা হৈছে ৷ শনিবাৰে শ্বহীদ সেনা ৰবীন্দ্ৰক শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰাৰ উদ্দেশ্যে প্ৰস্তুতি চলোৱা হয় ৷

লগতে পঢ়ক:300 আৱদ্ধ পৰ্যটকক উদ্ধাৰ কৰিলে হিমাচল আৰক্ষীয়ে

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.