ETV Bharat / bharat

গুৰুগ্ৰামত বৰ্ণ বৈষম্যৰ বলি মণিপুৰী যুৱতী, NHRC ৰ জাননী জাৰি - মণিপুৰৰ এগৰাকী 20 বছৰীয়া যুৱতী

গুৰুগ্ৰামত বৰ্ণ বৈষম্যৰ বলি মণিপুৰৰ যুৱতী ৷ ঘটনা সম্পৰ্কত NHRC ৰ জাননী জাৰি ৷ হাৰিয়ানা চৰকাৰ আৰু গুৰুগ্ৰামৰ আৰক্ষী আয়ুক্তলৈ জাননী জাৰি ৷

NHRC ৰ জাননী জাৰি
গুৰুগ্ৰামত বৰ্ণ বৈষম্যৰ বলি মণিপুৰী যুৱতী
author img

By

Published : May 16, 2020, 3:13 PM IST

নেশ্যনেল ডেস্ক, 16 মে' : মণিপুৰৰ এগৰাকী 20 বছৰীয়া যুৱতী হাৰিয়ানাৰ গুৰুগ্ৰামত বৰ্ণ বৈষম্যৰ বলি আৰু আক্ৰমণৰ সন্মুখীন হোৱাৰ পাচতে শুকুৰবাৰে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ (NHRC) এক জাননী জাৰি কৰিছে ৷ উল্লেখ্য যে, দেওবাৰে বিয়লি গুৰুগ্ৰামৰ ফৈজাপুৰত কিছু স্থানীয় লোকৰ আক্ৰমণৰ বলি হয় উত্তৰ-পূৰ্বাঞ্চলৰ যুৱতীগৰাকী ৷

তথ্য অনুসৰি, আৰক্ষীয়ে প্ৰথম অৱস্থাত আক্ৰান্ত যুৱতী গৰাকীক বিষয়টো নিষ্পত্তি কৰিবলৈ কয় ৷ ইয়াৰ পাচতে যুৱতীগৰাকীয়ে North East Support Centre & Helpline (NESCH) ৰ সৈতে যোগাযোগ কৰে ৷ প্ৰায় 8.30 বজাত NESCH সদস্য উপস্থিত হোৱাৰ পাচত আৰক্ষী থানাত এক গোচৰ ৰুজু কৰা হয় ৷

NHRC য়ে চাৰি সপ্তাহৰ ভিতৰত সমগ্ৰ ঘটনা সন্দৰ্ভত এক প্ৰতিবেদন দাখিল কৰিবলৈ হাৰিয়ানা চৰকাৰৰ মুখ্য সচিব আৰু গুৰুগ্ৰামৰ আৰক্ষী আয়ুক্তলৈ এখন জাননী জাৰি কৰে ৷

ইয়াৰোপৰি, যুৱতীগৰাকীৰ বৰ্তমান স্বাস্থ্য সম্পৰ্কীয় বিৱৰণ প্ৰদান কৰিবলৈ আৰু চিকিৎসাৰ যাৱতীয় ব্যৱস্থা সম্পৰ্কীয় স্থিতি প্ৰদান কৰিবলৈ NHRC য়ে চৰকাৰক নিৰ্দেশ প্ৰদান কৰিছে ৷

তথ্য অনুসৰি, ভূক্তভোগী যুৱতীগৰাকীক এগৰাকী বৃদ্ধা মহিলাই সেই ৰাস্তাটো ব্যক্তিগত ৰাস্তা বুলি কয় আৰু বৰ্ণবৈষম্যমূলক মন্তব্য কৰাৰ পাচত দুয়োৰে মাজত বাক-বিতণ্ডা সৃষ্টি হয় আৰু যুৱতী গৰাকীক 'কৰ'ণা' বুলি কোৱা হয় ৷ ইয়াৰ পাচতে ওচৰ-চুবুৰীয়া লোক আহি যুৱতীগৰাকীক বেতেৰে প্ৰহাৰ কৰে ৷ মূৰত আক্ৰমণ কৰা যুৱতীগৰাকীক অলপ সময়ৰ পাচত স্থানীয় লোকে ৰক্ষা কৰি আৰক্ষীক খবৰ দিয়ে ৷ ভূক্তভোগী যুৱতী গৰাকী বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.