নিউজ ডেস্ক, 25 মে': অজ্ঞাত ব্যক্তিয়ে ফোন কৰি উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক বোমা বিস্ফোৰণৰ দ্বাৰা হত্যাৰ ভাবুকি প্ৰদান কৰিছিল । আৰক্ষীয়ে এই লোকজন মহাৰাষ্ট্ৰৰ নাছিকৰ এজন 20 বছৰীয়া যুৱক বুলি আৰক্ষীয়ে চিনাক্ত কৰিছিল । যুৱকজনক শনিবাৰে গ্ৰেপ্তাৰ কৰিছিল মহাৰাষ্ট্ৰৰ অপৰাধ প্ৰতিৰোধী শাখাই । এই যুৱকজনক উত্তৰ প্ৰদেশৰ স্পেছিয়েল টাস্ক ফৰ্ছৰ হাতলৈ হস্তান্তৰিত কৰে মহাৰাষ্ট্ৰৰ অপৰাধ প্ৰতিৰোধী শাখাই (ATS) । এই কথা প্ৰকাশ কৰে ATS ৰ এগৰাকী বিষয়াই ।
লক্ষ্নৌ পুলিছৰ বিশেষ মিডিয়া ডেস্কে, যোগী আদিত্যনাথক ভাবুকি দিয়া সম্পৰ্কে এক ফোন কল লাভ কৰে । তাৰ পাচতেই আৰক্ষীয়ে অভিযান আৰম্ভ কৰি যুৱকজনক প্ৰেপ্তাৰ কৰা হয় । উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীক লক্ষ্নৌ কোৰ্টৰ বাহিৰত বোমাৰে উৰুৱাই দিন বুলি ফলকলেৰে ভাবুকী প্ৰদান কৰছিল ।