নিউজ ডেস্ক, 17 জুলাই : 5 দিনকৈ বংগোপসাগৰৰ মাজত বাঁহৰ খুটাত ওলমি ৰোৱাৰ পাছতো প্ৰাণ ৰক্ষা পৰিল ৰবীন্দ্ৰনাথ দাস নামৰ এজন মাছমৰীয়াৰ ৷ মৃত্যুৰ দুৱাৰদলিৰ পৰা উভটি অহা মাছমৰীয়া জনে জাহাজেৰে মাছ ধৰিবলৈ যোৱাৰ সময়তে এই ঘটনা সংঘটিত হয় ৷ তীব্ৰবেগী ধুমুহাৰ ফলত তেওঁৰ জাহাজখন বংগোপসাগৰত ডুবি যোৱাত অনাহাৰে জুলাইৰ 6 তাৰিখৰ পৰা 10 তাৰিখলৈ বাঁহৰ খুটাত সাৱটি প্ৰাণ ৰক্ষাৰ চেষ্টা চলায় ৷ তেনে সময়তে চিত্তাগং উপকূলত বাংলাদেশী জাহাজ এখনে তেওঁক উদ্ধাৰ কৰে ৷ ইয়াৰ পাছতে দুৰ্ভগীয়া মাছমৰীয়া জনক কলকাতালৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় ৷
উল্লেখ্য যে, জুলাইৰ 4 তাৰিখে এফ. বি. নয়ন I নামৰ জাহাজখনৰ পৰিচালক দাস আৰু আন 14 জন মাছমৰীয়া জাহাজেৰে যাত্ৰা আৰম্ভ কৰিছিল ৷ কিন্তু প্ৰচণ্ড ধুমুহাৰ ফলত জাহাজখন ডুব যোৱাত 3 জনকৈ মাছমৰীয়া জাহাজৰ ভিতৰতে আৱদ্ধ হৈ পৰে আৰু ৰবীন্দ্ৰনাথৰ সৈতে 11 জন মাছমৰীয়াই প্ৰাণ ৰক্ষাৰ বাবে কিছুমান ইন্ধনভৰ্তি ড্ৰামৰ সৈতে বাঁহ আৰু ৰছী বান্ধি পানীত জাঁপ দিয়ে ৷ কিন্তু কিছু সময় পাছতে তেওঁৰ সহকৰ্মী কেইজন পানীত ডুব গৈ মৃত্যুমুখত পৰে যদিও দাসে প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় ৷
তেওঁক উদ্ধাৰ কৰাৰ কিছু সময় পূৰ্বে মৃত্যুমুখত পৰা তেওঁৰ ভতিজাৰ প্ৰাণ ৰক্ষা কৰিব নোৱাৰা বাবে দুখ প্ৰকাশ কৰে ৰবীন্দ্ৰনাথ দাসে ৷