নেচনেল ডেস্ক, 17 জানুৱাৰী: কাবাদী খেলি থকা অৱস্থাতে অন্ধ্ৰপ্ৰদেশৰ এগৰাকী যুৱকে মৃত্যুক সাৱটি লোৱাৰ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ৷ অন্ধ্ৰপ্ৰদেশৰ কাডাপা জিলাত অনুষ্ঠিত এখন জিলা পৰ্যায়ৰ কাবাদী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি খেলি থকা অৱস্থাতে নৰেন্দ্ৰ নামৰ কাবাদী খেলুৱৈ গৰাকীয়ে মৃত্যুক সাৱটি লয় ৷
প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া মতে খেলৰ মাজত প্ৰতিদ্বন্দী দলৰ সদস্যসকলে নৰেন্দ্ৰক জপটিয়াই ধৰি তলত পেলাই দিয়ে ৷ ইয়াৰ পাছৰ পৰ্যায়ত তেওঁ থিয় হৈ দুখোজ মান আগুৱাই যাই যদিও পুনৰ ঢলি পৰে ৷ এই দৃশ্য প্ৰত্যক্ষ কৰি খেলখনৰ উদ্যোক্তা সকলে নৰেন্দ্ৰক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে খেলুৱৈ গৰাকীক মৃত বুলি ঘোষণা কৰে ৷
আকস্মিক ভাৱে মৃত্যুক সাৱটি লোৱা স্নাতকোত্তৰ ডিগ্ৰীধাৰী খেলুৱৈ গৰাকী চেন্নুৰু মণ্ডলৰ অধীনৰ ক'ন্দাপেটাৰ বাসিন্দা বুলি জানিব পৰা গৈছে ৷ প্ৰতিবছৰেই চৰকাৰী বিষয়া সকলে গংগন্নাপল্লীত অনুষ্ঠিত কৰা কাবাদী প্ৰতিযোগিতাত অংশ লোৱা যুৱক গৰাকীৰ বাবে এইবাৰৰ খেলখনেই শেষৰ খন খেল হৈ ৰৈ গ'ল ৷
লগতে পঢ়ক: পাকিস্তানৰ কাৰাগাৰাত স্মৃতি শক্তি হেৰুৱাই ঘৰলৈ উভতিল ৰাজু