নিউজ ডেস্ক, ২৪ মে': মুম্বাইত ৰঙাঘৰৰ আলহী হ'ল উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দিয়া এজন ২৫ বছৰীয়া যুৱক । মহাৰাষ্ট্ৰ সন্ত্ৰাস বিৰোধী শাখাই গ্ৰেপ্তাৰ কৰে যুৱক জনক । গ্ৰেপ্তাৰ হোৱা যুৱকজন চোনাভাট্টিৰ ইষ্টাৰ্ন সুবুৰ্বছৰ কামৰান খান বুলি চিনাক্ত কৰা হৈছে । সন্ত্ৰাসবাদী বিৰোধী শাখাৰ কালাচৌকী গোটে যুৱকজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । শনিবাৰে মুম্বাই আৰক্ষীৰ এজন বিষয়াই এই কথা উল্লেখ কৰে ।
উত্তৰ প্ৰদেশ ছ'চিয়েল মিডিয়া হেল্প ডেস্কলৈ শুকুৰবাৰে এজন অজ্ঞাত লোকে ফোন কৰি মুখ্যমন্ত্ৰীক বোমা বিস্ফোৰণেৰে হত্যা কৰাৰ ভাবুকি প্ৰদান কৰিছিল । ইয়াৰ পাচতে আৰক্ষী বিভাগ তৎপৰ হৈ পৰে । আৰক্ষীয়ে ভাৰতীয় দণ্ডা বিধিৰ ৫০৬ ধাৰাত এখন গোচৰ ৰুজু কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে । ফোন ক'ল ট্ৰেচ কৰাত মুম্বাইৰ অৱস্থান ধৰা পৰাত উত্তৰ প্ৰদেশ আৰক্ষীয়ে মহাৰাষ্ট্ৰ সন্ত্ৰাস বিৰোধী শাখাক এই বিষয়ে অৱগত কৰে আৰু যুৱকজনক গ্ৰেপ্তাৰ কৰা হয় ৷