ETV Bharat / bharat

পশ্চিম ত্ৰিপুৰাত চিপ লৈ আত্মহত্যা দুই ব্যৰ্থ প্ৰেমিকৰ

author img

By

Published : Aug 3, 2020, 6:46 PM IST

Updated : Aug 9, 2020, 1:06 PM IST

দেওবাৰে নিশা ত্ৰিপুৰাত দুই বিবাহিত পুৰুষ মহিলাই কৰিলে আত্মহত্যা । প্ৰেমত বিফল হৈ অৱশেষত একেলগে আত্মহত্যাৰ পথ বাছি ল'লে এজন বিবাহিত পুৰুষ আৰু এগৰাকী স্বামীহাৰা মহিলাই । পশ্চিম ত্ৰিপুৰাৰ চিপাহিজালা জিলাৰ কমলা সাগৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত কৈয়াডেপা এলেকাত সংঘটিত হৈছে এই ঘটনা । ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে চাঞ্চল্য ।

man and woman suicide case at tripura
পশ্চিম ত্ৰিপুৰাত চিপ লৈ দুই ব্যৰ্থ প্ৰেমিকে কৰিলে আত্মহত্যা

নিউজ ডেস্ক,৩আগষ্ট: সোমবাৰে পশ্চিম ত্ৰিপুৰাৰ কৈয়াডেপা আৰক্ষী থানাৰ অন্তৰ্গত এখন চাহ বাগিছাৰ চৌহদত চিপ লৈ থকা অৱস্থাত দুয়োৰে মৃতদেহ প্ৰত্যক্ষ কৰিলে বাগিছাত কৰ্মৰত শ্ৰমিক সকলে । ইয়াৰ পিছতে অঞ্চলটোত সৃষ্টি হয় চাঞ্চল্যৰ ।

ঘটনাৰ খবৰ পাই কৈয়াডেপা থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া ।

ঘটনাৰ বিৱৰণি অনুসৰি, স্থানীয় ৪৪ বছৰীয়া কানাইলাল গোস্বামী নামৰ এজন বিবাহিত পুৰুষৰ একেটা অঞ্চলৰে ৩২ বছৰীয়া পূৰ্ণিমা দাস নামৰ এগৰাকী স্বামীহাৰা মহিলাৰ সৈতে দীৰ্ঘ দিনৰ পৰা এক প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছিল । দুয়োৰে এই প্ৰেমৰ সম্পৰ্কৰ কথা জানিব পাৰি কানাইলালৰ পত্নীয়ে ঘৰ এৰি পিতৃ গৃহলৈ গুছি গৈছিল ।

দুয়োৰে এই অবৈধ সম্পৰ্কৰ বাবে তেওঁলোকৰ গাঁৱত বহুবাৰ বিচাৰ সভা পৰ্যন্ত অনুষ্ঠিত কৰিব লগা হৈছিল । কিন্তু দুয়ো দুয়োকে এৰিব নোৱাৰাৰ তাড়নাৰ অন্তিম সিদ্ধান্তৰ হিচাপে আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত বাছি লোৱা বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে ।

Last Updated : Aug 9, 2020, 1:06 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.