ETV Bharat / bharat

ত্ৰিপুৰাত বন্যহস্তীৰ আক্ৰমণত নিহত মহিলা

author img

By

Published : Jan 29, 2021, 7:01 AM IST

Updated : Jan 29, 2021, 8:30 AM IST

বনৰীয়া হাতীৰ জাকৰ আক্ৰমণত ত্ৰিপুৰাৰ তেলিয়ামুৰা মহকুমাৰ অন্তৰ্গত মালাকাৰ পাৰাত থিতাতে নিহত হয় এগৰাকী 50 বছৰীয়া মহিলা ৷

ত্ৰিপুৰাত বন্যহস্তীৰ আক্ৰমণত নিহত মহিলা
ত্ৰিপুৰাত বন্যহস্তীৰ আক্ৰমণত নিহত মহিলা

নেশ্যনেল ডেস্ক, 29 জানুৱাৰী: ত্ৰিপুৰাৰ তেলিয়ামুৰা মহকুমাৰ অন্তৰ্গত মালাকাৰ পাৰাত বন্যহস্তীৰ আক্ৰমণ ৷ ৰাজপথেৰে গৈ থকা এখন যাত্ৰীবাহী বাহনৰ ওপৰত আক্ৰমণ চলাই এটি বনৰীয়া হাতীৰ জাকে ৷ যাৰ ফলত থিতাতে নিহত হয় খিলাংটি দেৱবৰ্মা নাম এগৰাকী 50 বছৰীয়া মহিলা ৷ ঘটনা অনুসৰি TR-01B-4161 নম্বৰৰ বাহন খনে চাম্পাঘাটৰ ৰঙিয়াটিলা অঞ্চলৰ মাজেৰে গৈ থকা অৱস্থাকে বনৰীয়া হাতীৰ জাকটোৱে আক্ৰমণ কৰে ৷

প্ৰত্যক্ষদৰ্শীৰ মতে,ৰাজপথত থকা বাহন খনৰ ওপৰত এটা বনৰীয়া হাতীৰ জাকে বাৰে বাৰে আক্ৰমণ কৰিছিল ৷ কিছু সময় পাচত বাহন খনত থকা আন যাত্ৰী সকল নামি আহিবলৈ সক্ষম হয় যদিও খিলাংটি দেৱবৰ্মা নামৰ মহিলা গৰাকী বাহন খনত আৱদ্ধ হৈ পৰে ৷ হাতীৰ জাকটোৱে বাহনখন পথৰ দাঁতিত থকা এটা দ খাৱৈত বগৰাই দিয়ে ৷ লগে লগে স্থানীয় লোকে উদ্ধাৰকাৰী দলক খবৰ দিয়ে ৷ ঘটনাস্থলীত উদ্ধাৰকাৰী দল উপস্থিত হৈ মহিলা গৰাকীক উদ্ধাৰ কৰে যদিও চিকিৎসকে মৃত বুলি ঘোষনা কৰে ৷

উল্লেখ্য যে,দীৰ্ঘদিনৰ পৰা অঞ্চলটোত বনৰীয়া হাতীয়ে তাণ্ডৱ চলাই আহিছে ৷ স্থানীয় লোক সকলে বন বিভাগক বিষয়তো অৱগত কৰিছে যদিও কোনো গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা নাই বুলি অভিযোগ কৰিছে স্থানীয় লোকসকলে ৷

লগতে পঢ়ক : নগাঁৱৰ কঠীয়াতলীত 9 বছৰীয়া শিশুক ধৰ্ষণৰ গুৰুতৰ অভিযোগ

Last Updated : Jan 29, 2021, 8:30 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.