পশ্চিমবংগ, ২৭ জুনঃ বিজেপিৰ বিৰুদ্ধে থিয় দিবলৈ এইবাৰ মমতাৰ আন এক প্ৰচেষ্টা । চিপিআইএম আৰু কংগ্ৰেছক তৃণমুল কংগ্ৰেছৰ সৈতে হাত মিলাবলৈ আহ্বান পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ । সংসদত এই কথা প্ৰকাশ কৰে মমতা বেনাৰ্জীয়ে ।
কেইদিনমান পূৰ্বে ৰাজ্যখনৰ ভাটপাৰাত সংঘটিত হোৱা সংঘৰ্ষৰ কথা উল্লেখ কৰি মমতাই কয় যে আমি (তৃণমূল, চিপিআইএম আৰু কংগ্ৰেছ) বিজেপিক ৰোধিবলৈ একলগ হোৱা উচিত । পশ্চিমবংগ যদি বিজেপিৰ হাতলৈ যায় তেন্তে ৰাজ্যখনৰ পৰিস্থিতি সন্দৰ্ভত চিন্তা কৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে ।
উল্লেখ্য যে, বিগত কেইবাদিনৰ পৰা ৰাজ্যখনত তৃণমূল কংগ্ৰেছৰ নেতাৰ বাসগৃহৰ বাহিৰত জনতাই প্ৰতিবাদ কৰা পৰিলক্ষিত হয় । ৰাজ্যখনৰ উন্নতিৰ হকে গ্ৰহণ কৰা চৰকাৰী প্ৰকল্পৰ বাবে যি ধন লোৱা হৈছিল, সেয়া ওভতাই দিয়াৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে একাংশ লোকে । এই ক্ষেত্ৰত, প্ৰকল্পৰ কামৰ বাবে নিয়োজিত প্ৰতিনিধি সকলে লোৱা ধন বা উৎকোচ ওভতাই দিবলৈ আদেশ দিছিল ।