ETV Bharat / bharat

প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীত উপস্থিত নাথাকে মমতা - মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী

পশ্চিমবংগত ৪টাকৈ গুৰুত্বপূৰ্ণ প্ৰকল্পৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । কিন্তু ৰাজ্য়ৰ এই গুৰুত্বপূৰ্ণ অনুষ্ঠানত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী উপস্থিত নথকাৰ সম্ভাৱনা !

পশ্চিমবংগত প্ৰধানমন্ত্ৰী মোডীৰ কাৰ্যসূচীত উপস্থিত নাথাকে মমতা বেনাৰ্জী !

author img

By

Published : Feb 7, 2021, 1:04 PM IST

নিউজ ডেস্ক, ৭ ফেব্ৰুৱাৰী: দেওবাৰে পশ্চিমবংগৰ হালদিয়া জিলাৰ মেদিনীপুৰত ৪টা বিশেষ প্ৰকল্পৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । তেল, গেছ আৰু আন্তঃগাঁথনি খণ্ডৰ এই চাৰিটাকৈ প্ৰকল্প উদ্বোধনী অনুষ্ঠানৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে । এই বিশেষ কাৰ্যসূচীত উপস্থিত থাকিব পশ্চিমবংগৰ ৰাজ্য়পাল জগদীপ ধনখাৰৰ লগতে বহু বিশিষ্ট ব্য়ক্তি । কিন্তু ৰাজ্য়খনৰ এই গুৰুত্বপূৰ্ণ কাৰ্যসূচীত মুখ্য়মন্ত্ৰী মমতা বেনাৰ্জী উপস্থিত থাকিব নে নাথাকে তাকলৈ এতিয়া বিভিন্ন মহলত চৰ্চা চলিছে । বহুতে দাবী কৰা মতে অনুষ্ঠানত মুখ্য়মন্ত্ৰীৰ উপস্থিতিৰ সম্ভাৱনা একেবাৰে ক্ষীণ।

ৰাজ্যিক সচিবালয়ৰ এজন শীৰ্ষ বিষয়াই জনোৱা মতে অনুষ্ঠানত মুখ্য়মন্ত্ৰী গৰাকীয়ে অংশগ্ৰহণ কৰা সম্ভাৱনা নাই । ইয়াৰ কাৰণ সঠিকভাৱে তেওঁ ক'ব নোৱাৰে যদিও শেহতীয়াকৈ মোডীৰ এক অনুষ্ঠানত মুখ্য়মন্ত্ৰীগৰাকীৰ ভাষণৰ পূৰ্বে একাংশ সমৰ্থকে 'জয় শ্ৰী ৰাম' ধ্বনি দিছিল আৰু একপ্ৰকাৰ অপমানিত অনুভৱ কৰিছিল । যাৰ বাবে সম্ভৱত মুখ্য়মন্ত্ৰীগৰাকী এই অনুষ্ঠানত উপস্থিত নাথাকিব বুলি সন্দেহ কৰিছে বিষয়া গৰাকীয়ে । ইফালে তেওঁ জনোৱা মতে তৃণমূল কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বইও এই অনুষ্ঠানত দলৰ সদস্য়সকলক উপস্থিত নাথাকিবলৈ নিৰ্দেশ দিছে ।

উল্লেখ যে ২৩ জানুৱাৰীত নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৫ সংখ্য়ক জন্ম বাৰ্ষিকী উপলক্ষে এক অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত মুখ্য়মন্ত্ৰী মমতা বেনাৰ্জীয়ে ভাষণ ৰখাৰ পূৰ্বে একাংশ সমৰ্থকে 'জয় শ্ৰী ৰাম' ধ্বনি দিছিল । যাৰ বাবে মুখ্য়মন্ত্ৰী গৰাকী ভাষণ ৰাখিবলৈ অশ্বীকাৰ কৰিছিল । আনকি পৰৱৰ্তী সময়ত মুখ্য়মন্ত্ৰীগৰাকীয়ে তেওঁক কৰা অপমান গ্ৰহণযোগ্য নহয় বুলিও মন্তব্য় কৰিছিল ।

লগতে পঢ়ক:উৰিষ্যাৰ বন বিষয়ালৈ ৰাষ্ট্ৰসংঘৰ সন্মান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.